‘ভাষা কলা সংস্কৃতিয়ে দেশৰ উন্নয়নত বৰঙনি যোগায়’
গ্ৰন্থমেলা – কবি সন্মিলন – নাটক আদিৰে উদ্ভাষিত শব্দ কৃষি পাম
বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ উজনি অসমৰ অন্যতম শিক্ষা, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শব্দ-ৰ উদ্যোগত আজিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ষষ্ঠ শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ ‘দকচিৰি’ আৰম্ভ হৈছে। মৰিয়নিৰ নকছাৰি মিল গাঁৱৰ শব্দ কৃষি পামৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মনোমোহা স্থানৰ লগতে টিয়ক নৈৰ বলুকাত স্থাপন কৰা মুকলি মঞ্চত আজি বন্তি প্ৰজ্বলন কৰি এই পাঁচদিনীয়া কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক- সৰবৰহী ব্যক্তি বিমান পাওগামে। ইয়াৰ পিছতে গন্ধীয়া মিছিং গাঁও শিল্পীদলে দিহানাম পৰিৱেশন কৰি মঞ্চ মুকলি কৰে। আনহাতে, উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপগি প্ৰেম গগৈয়ে কয়- ব্যতিক্ৰমী অনুষ্ঠানে সদায় ৰাইজক আকৰ্ষণ কৰি আহিছে। শব্দৰ উদ্যোগত অনুষ্ঠিত এই দকচিৰি অনুষ্ঠাণো এক ব্যতিক্ৰমী অনুষ্ঠান। এই অনুষ্ঠানেও দেশ বিদেশৰ লোকক আকৰ্ষণ কৰি আহিছে আৰু ই অসমৰ সাহিত্য- সংস্কৃতিক বিশ্বদৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি মন্তব্য কৰে। অনুষ্ঠানটোত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভজ হুছেইন, বন্তি প্ৰজ্বলক-শিক্ষাবিদ বিমান পাওগাম আৰু সমাজব্ৰতী মহিলা প্ৰতিমা ৰাজকুমাৰীয়েও বক্তব্য প্ৰদান কৰি শব্দৰ এই যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰে। ইয়াৰ পিছতে অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি অৰণ্য মানৱ পায়েঙে মিল গাঁৱৰ দৰে এক ভিতৰুৱা অঞ্চলত সাহিত্য-সংস্কৃতিৰ এনে বিশাল আয়োজনে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি মতপোষন কৰে। তেওঁ লগতে কয়- ভাষা-সাহিত্য-কলা সংস্কৃতিয়ে দেশৰ উন্নয়নত বৰঙনি যোগায়। এই অনুষ্ঠানেও সমাজৰ লগতে দেশৰ উন্নয়নত বৰঙনি যোগাব বুলি উল্লেখ কৰে। অনুষ্ঠানটোত যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড° পৰাণ বৰুৱাও উপস্থিত থাকে। আনহাতে, শিশুৰ অনুষ্ঠান ‘ৰংমেলা’ত কেবাগৰাকীও কণমানি শিশুৱে কবিতা পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিয়লি যোৰহাট জিলা কবি সন্মিলনৰ সৌজন্যত আৰু কবি-সাহিত্যিক- সমালোচক ড° মানিক শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত ‘তৰাতলিৰ কবিতা’ শীৰ্ষক অনুষ্ঠানত নকছাৰি, মৰিয়নি, যোৰহাট আদিৰ কেবাগৰাকীও নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। মৰিয়নিৰ জাংফাই বিহু দলৰ বিহু প্ৰদৰ্শন আৰু স্থানীয় কেবাগৰাকীও শিল্পীৰ নৃত্যানুষ্ঠানে সমগ্ৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সন্ধিয়া জালুকনিবাৰীৰ ৰাগিনী ক্ৰিয়েছনে বিনয় শইকীয়াৰ ৰচনা আৰু মনিষা ৰাগিণীৰ পৰিচালনাৰে ঠেঙাল কছাৰীৰ বীৰাংগনা নাৰী আইধন কছাৰীৰ জীৱনৰ ওপৰত আধাৰিত নাট ‘আইধন’ আৰু হেমন্ত বৰপাত্ৰগোহাঁইৰ ৰচনা আৰু পবিত্ৰ চেতিয়াৰ পৰিচালনাৰে দুলীয়াজানৰ ‘পথাৰ’ নাট্যদলে ‘ছন্দিত গদ্যত এপিয়লা মদ্য, অথবা এটি পদ্য অথবা নৈৱেদ্য’ নামৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। ইফালে, এই সাহিত্য সংস্কৃতি উৎসৱত অনুষ্ঠিত কৰা গ্ৰন্থমেলাত অসমৰ আগশাৰীৰ বহুকেইটা প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। একেদৰে আয়োজন কৰা হৈছে কৃষি আৰু বাণিজ্য মেলাৰ লগতে জনগোষ্ঠীয় খাদ্যমেলাৰো। এই সন্দৰ্ভত আয়োজক ‘শব্দ’ৰ অধ্যক্ষ তথা স্বত্বাধিকাৰ-প্ৰতিষ্ঠিত কবি-নাট্যকাৰ উজ্জ্বল পাওগামে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- বিশেষকৈ গ্ৰামাঞ্চলত এক সুস্থ সাহিত্য আৰু সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতিক সংৰক্ষণ, সংবৰ্দ্ধন আৰু বিশ্বমুখী কৰি তোলাৰ উদ্দেশ্যেৰেই এই সাহিত্য আৰু সাংস্কৃতিক উৎসৱৰ আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত সাহিত্য আৰু সংস্কৃতিৰ বিকাশ হ’লেই ই ৰাজ্য আৰু দেশৰ বিকাশত অৰিহণা যোগাব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কাইলৈ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত ‘মাতৃভাষাঃ- সৌন্দৰ্য আৰু শক্তি’ শীৰ্ষক আৰু ‘অসমীয় ভাষা আৰু জনগোষ্ঠীয় ভাষাঃ- উত্তৰণ আৰু পাৰস্পৰিক সমৃদ্ধি’ শীৰ্ষক দুখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। তাৰোপৰি কবিতাৰ বিশেষ অনুষ্ঠান, নাম প্ৰসংগৰ ওপৰিও যোৰহাট চুতীয়াকাৰীৰ শ্ৰীশ্ৰীশংকৰ-মাধৱ সাংস্কৃতিক চৰ্চা আৰু বিকাশ মঞ্চ’ই ‘সিন্ধু মুনিৰ পিতৃ ভক্তি-দশৰথৰ স্বৰ্গ উদ্ধাৰ’ ভাওনা আৰু গুৱাহাটীৰ ‘জিৰছং থিয়েটাৰে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ মুল কাহিনীৰ ৰবিজিতা গগৈয়ে দিয়া নাট্যৰূপ আৰু পৰিচালনাৰে নিবেদন কৰিব ‘ইতি মৃনালিনী’নামৰ নাট। সমূহ কাৰ্য্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া