নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৪ বিশ্ববিদ্যালয়ত ১০০ কোটিৰ দুর্নীতি

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্রস্বৰূপ চাৰিখন বিশ্ববিদ্যালয়ত চৰকাৰীভাৱে আবণ্টিত ধনৰ ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ তথ্য উন্মোচিত হৈছে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ আন্তঃগাঁথনি উন্নয়নকে ধৰি বিভিন্ন কামৰ বাবে আবণ্টিত ধনৰ ক্ষেত্রত সংঘটিত হৈছে এই অনিয়ম৷ অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত ২০১১ চনৰ পৰা ২০১৮ চনলৈ ৰাজকোষৰ ১০০ কোটিৰো অধিক ধন ব্যয়ৰ ক্ষেত্রত খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এই সন্দর্ভত ৰুজু হোৱা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি বিশ্ববিদ্যালয়কেইখন্ সংঘটিত অনিয়মক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ চাৰিওখন বিশ্ববিদ্যালয়ত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ শীঘ্রে তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট উপাচার্যসকলক নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আমগুৰি নৱনির্মাণ সমিতিয়ে বিশ্ববিদ্যালয়কেইখন্ সংঘটিত হোৱা অনিয়মৰ বিভিন্ন তথ্য লাভ কৰিছিল৷ আৰ টি আইযোগে শৈক্ষিক প্রাণকেন্দ্রস্বৰূপ উচ্চ শিক্ষাৰ প্রতিষ্ঠানকেইখনত সংঘটিত অনিয়মৰ উল্লেখ থকা মহাগাণনিকৰ প্রতিবেদন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল৷ ৰাজ্যৰ লাখ লাখ শিক্ষার্থীৰ জীৱন গঢ়াৰ পাঠশালা এই বিশ্ববিদ্যালয়কেইখন্ হোৱা অনিয়মে আমগুৰি নৱনির্মাণ সমিতিক হতচকিত কৰি তোলে৷ এই সন্দর্ভত সংস্থাটোৱে উচিত তদন্ত বিচাৰি অসম আৰক্ষীৰ সঞ্চালকপ্রধানক অৱগত কৰে৷ কিন্তু অসম আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ ফলত তেওঁলোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ তেওঁলোকে দাখিল কৰা

৫/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ অচিন্তমল্ল বুজৰবৰুৱাৰ খণ্ড বিচাৰপীঠে আজি আবেদনকাৰী সংস্থাটোক সমগ্র অনিয়ম সন্দর্ভত বিস্তৃতভাৱে সন্নিৱিষ্ট কৰি প্রতিখন বিশ্ববিদ্যালয়ৰ উপাচার্যক আবেদন দাখিল কৰিবলৈ পৰামর্শ দিয়ে৷ এই আবেদনৰ ভিত্তিত অনিয়মৰ বিশদ তদন্ত কৰি উপাচার্যসকলে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলিও বিচাৰপীঠখনে উল্লেখ কৰে৷ অৱশ্যে তদন্তৰ বাবে উপাচার্যসকলক নির্দিষ্ট সময়সীমা বান্ধি দিয়া নাই যদিও ন্যায়ালয়ে যিমান পাৰি সোনকালে এই তদন্ত সমাপ্ত কৰিবলৈ নির্দেশনা দিছে৷ একে সময়তে উপাচার্যসকলে তদন্তৰ ব্যৱস্থা নকৰিলে অথবা এই তদন্তত সন্তুষ্ট নহ’লে পুনৰ আবেদনকাৰী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব পাৰিব বুলিও স্পষ্ট কৰি দিছে খণ্ড বিচাৰপীঠখনে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আবেদনকাৰীয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনত প্রকাশ কৰা অনুসৰি যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত ২০১০–১১ আৰু ২০১১–১২ৰ পৰা ২০১৫–১৬লৈ চৰকাৰী ধন ব্যয়ৰ ক্ষেত্রত অনিয়ম সংঘটিত হৈছিল৷ সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ২০১২ৰ পৰা ২০১৮ চনলৈ, ডিব্রুগড় বিশ্ববিদ্যালয়ত ২০০৮ৰ পৰা ২০১৫ চনলৈ আৰু তেজপুৰ বিশ্ববিদ্যালয়ত ২০১৭ৰ পৰা ২০১৮ বর্ষলৈ আবণ্টিত ধন ব্যয়ৰ ক্ষেত্রত গুৰুতৰ অনিয়ম সংঘটিত হৈছিল৷ লক্ষণীয় যে শেহতীয়াকৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বর্তমানৰ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে বিশ্ববিদ্যালয়খনৰ ৰাজহুৱা পুঁজিৰ পৰা ধন সৰকাই নিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ আনকি ড০ তামুলীৰ বিৰুদ্ধে বিশ্ববিদ্যালয় চৌহদত অব্যাহত আছে প্রতিবাদ৷ সমান্তৰালভাৱে ৰাজ্যপালেও এই সমগ্র দুর্নীতিৰ তদন্ত ঘোষণা কৰিছে৷ এনে সময়তে ডিব্রুগড়ৰ সমান্তৰালকৈ গুৱাহাটী, তেজপুৰ আৰু কৃষি বিশ্ববিদ্যালয়ৰ দুর্নীতিৰ ক্ষেত্রত আগন্তুক সময়ত কি ব্যৱস্থা গ্রহণ কৰা হ’ব, সেয়া লক্ষণীয় হ’ব৷ আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে অধিবক্তা এ আৰ ভূঞাই৷

You might also like