দলীয় কাম-কাজ পৰ্যবেক্ষণৰ বাবে মৰিয়নিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা
বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিজেপিৰ কামকাজ পৰ্য্যবেক্ষন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ শততম ‘মন কী বাত’ অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে আজি দুপৰীয়া জনশতাব্দী এক্সপ্ৰেছ যোগে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তপন কুমাৰ গগৈৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মৰিয়নি ৰে’ল ষ্টেচনত উপস্থিত হয়হি। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়- ৩০ এপ্ৰিলত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ শততম ‘মন কি বাত’ অনুষ্ঠান সম্পূৰ্ণৰূপে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আটাইকেইখন জিলাৰ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শততম ‘মন কী বাত’ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব। তেওঁ লগতে কেৱল বিজেপি কৰ্মকতাসকলেই নহয় প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ সকলো শ্ৰেণীৰ লোকেই শুনিব লাগে বুলি উল্লেখ কৰি উক্ত অনুষ্ঠানৰ শ্ৰোতা হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজি মৰিয়নিৰ লগতে যোৰহাট জিলাৰ কৰ্মকৰ্তাসকলৰ সৈতে সেই সম্পৰ্কত আলোচনা কৰাৰ অন্তত এক ভিডিঅ’ কনফাৰেন্সতো অংশগ্ৰহণ কৰে। পিছত ৰাজ্যিক বিজেপিৰ সভাপতিজন সোণাৰিলৈ ৰাওনা হয় । ইফালে সাংসদ তপন কুমাৰ গগৈয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কী বাত সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে ৰাজ্যিক বিজেপিয়ে বিশেষ উদ্যোগ লৈছে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো বুথত মন কি বাত সাফল্যমণ্ডিত কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰীৰ মন কি বাতৰ এশতম অনুষ্ঠানৰ বাবে এশকেজি ওজনৰ বৃহদাকাৰৰ এটা বুন্দিয়াৰ লাড্ডু প্ৰস্তুত কৰা বুলি জানিবলৈ দিছে। বিধায়কজনে উক্ত বৃহৎ বুন্দিয়াৰ লাড্ডুটো মন কি বাত প্ৰচাৰ হোৱাৰ দিনা সাংবাদিকৰ সন্মুখত প্ৰদৰ্শন কৰাৰ অন্তত সকলো বুথলৈ পঠোৱাৰ ব্যৱস্থা কৰিব বুলিও লগতে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে মৰিয়নি ৰে’ল ষ্টেচনত উপস্থিত হোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক মৰিয়নিৰ বিজেপি কৰ্মীসকলে বিপুল আদৰণি জনায়। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰতাপ কছাৰী, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজ আদিয়েও বিজেপিৰ ৰাজ্যিক সভাপতিজনক আদৰণি জনায় ।ইফালে, আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ সভাপতি কলিতাই কয় আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ প্ৰস্তুতি তুংগত আছে। আমাৰ ১২ প্লাছ মিছন এশ শতাংশই সফল হ’ব। অৰ্থাৎ বিজেপি মিত্ৰজোঁটে ১৪ খন আসনৰ ভিতৰত অতি কমেও ১২ খন আসন লাভ কৰাতো নিশ্চিত।’ আজি মৰিয়নিত উপস্থিত হৈ বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাই এইদৰে কয়। তেওঁ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সম্ভাৱনাক একেবাৰে নস্যাৎ কৰি কয় আগন্তুক লোকসভা নিৰ্বাচনত তেনে দলে খাতাই খুলিব নোৱাৰিব। আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিব বুলিও দৃঢ়তাৰে উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ সকলো ৰাজনৈতিক দল, সংগঠন আদিক নিৰ্বাচনত অংশ ল’বলৈ আহ্বান জনাই কয়- গণতন্ত্ৰত নিয়ম অনুসৰি নিৰ্বাচনত সকলোৱেই অৱতীৰ্ণ হ’ব পাৰে। সকলো আহক আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক। কিন্তু শেষ সিদ্ধান্ত দিব কেৱল ৰাইজেহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কামকাজৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক প্ৰশংসা কৰি ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয়- অসমত এতিয়া বিজেপিৰ প্ৰতিদ্বন্দ্বী বুলিবলৈ তেনে কোনো দল নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতবৰ্ষৰ উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাৰতৰ স্বাভিমান বৃদ্ধি হোৱা, বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান, জন ধন যোজনা, কিষান নিধি সন্মান, দেশৰ আন্তঃগাঁঠনি উন্নয়ন আদি সকলোকে ৰাইজে আদৰি লৈছে। যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পাইছে বুলি বিজেপিৰ সভাপতিজনে উল্লেখ কৰে। আগন্তুক লোকসভাৰ নিৰ্বাচনত ৰাইজে বিজেপি আৰু মিত্ৰজোঁটৰ সপক্ষেই ভোটদান কৰিব বুলিও তেওঁ লগতে আশা প্ৰকাশ কৰে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া