কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ পশ্চিম কাৰ্বি আংলঙত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত
নিয়মীয়া বাৰ্তা, ৬ মেঃ চলিত বৰ্ষৰ ৩ জুনত অন্ত পৰিৰলগীয়া ড০ তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন জুন মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যিক নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে পৰিষদীয় নিৰ্বাচনৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই যদিও বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱাৰ পাছত আজি কাৰ্বি আংলং জিলাত উপস্থিত হয় ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰ । আয়ুক্তগৰাকীয়ে প্ৰথমে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ এক সভাত মিলিত হয় । এই সভাত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত কৃষ্ণা বৰুৱা,আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহা পৰিদৰ্শক সত্যৰাজ হাজৰিকা,আৰক্ষী অধীক্ষক ইমদাদ আলী,কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ হামৰেণ শাখা সচিবালয়ৰ বিশেষ কৰ্ত্যবৰত বিষয়াকে ধৰি প্ৰসাশনৰ বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে । এই সভাত আগন্তুক পৰিষদীয় নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া,পৰিষদৰ বিষয়ববীয়া, বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ