আজিৰে পৰা মাৰ্চৰ দৰমহা পাব ৰাজ্যিক কর্মচাৰীয়ে
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : ৰঙালী বিহুৰ প্রাক্ক্ষণত ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ বিগত মার্চ মাহৰ দৰমহা কর্মচাৰীসকলে ৬ এপ্রিল অর্থাৎ আজিৰে পৰা আদায় পাব৷ ৰাজ্য চৰকাৰে ইতিমধ্যে এই সন্দর্ভত কোষাগাৰসমূহলৈ নির্দেশনা জাৰি কৰিছে৷ কর্মচাৰীসকলে মার্চ মাহৰ দৰমহাৰ সৈতে ৪ শতাংশ অতিৰিক্ত মৰগীয়া বানচো লাভ কৰিব৷ উল্লেখ্য যে যোৱা ৩১ মার্চত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে কর্মচাৰীৰ মৰগীয়া বানচৰ হাৰ ৩৮ শতাংশৰ পৰা ৪২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল৷ যিটো চলিত বর্ষৰ পহিলা জানুৱাৰীৰ পৰা কার্যকৰী হৈছে৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি, তিনি মাহৰ বকেয়া মৰগীয়া বানচ মার্চ মাহৰ দৰমহাৰ সৈতে কর্মচাৰীয়ে লাভ কৰিব৷ বর্ধিত বানচৰ বাবে প্রতিমাহে অতিৰিক্তকৈ ৰাজ্য চৰকাৰৰ ব্যয় হ’ব ৭৯.৫৭ কোটি টকা৷ লক্ষণীয়ভাৱে কর্মচাৰীসকলক ৪ শতাংশ বর্ধিত মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত লোৱা অসম দেশৰ প্রথমখন ৰাজ্য৷