নিয়মীয়া বাৰ্তা, ১ জুলাইঃ বিজেপিৰ ৰাজ্যিক কৃষক মৰ্চাৰ এটি সঁজাতী দলে আজি দৰং জিলাৰ বানবিধ্বস্ত অঞ্চলৰ ৰঙামাটি পঞ্চায়তৰ অন্তৰ্গত সৰু ঠেকেৰাবাৰী, পিপৰাদোকান পঞ্চায়ত, লক্ৰাই পঞ্চায়তৰ বিভিন্ন ঠাইত হোৱা বানাক্ৰান্তৰ খা-খবৰ লোৱাৰ লগতে জিলাখনৰ প্ৰায় ২০০০ হাজাৰ পৰিয়ালক সামৰি বিজেপিৰ ৰাজ্যিক কৃষক মৰ্চা তৰফৰ পৰা কিছু খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। ৰাজ্যিক কৃষক মৰ্চাই জিলাখনৰ খেতিয়কসকলৰ লগতো মত বিনিময় কৰে । মৰ্চাই অসমৰ সমূহ কৃষক ৰাইজক আহ্বান জনায় এই যে চৰকাৰী আবেদনৰ ভিত্তিত চৰকাৰেভাৱে দিয়া ধানৰ বীজসমূহ জিলা কৃষি কাৰ্য্যলয় পৰা সংগ্ৰহ কৰিব পাৰিব। অনুষ্ঠানত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ক্ৰমে ৰঞ্জিত ভট্টাচাৰ্য্য, ধনেশ্বৰ ডেকা, মীন উন্নয়নৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ৰাজ্যিক সাধাৰণ সম্পাদক নিবাৰণ লহকৰ, ইন্দ্ৰাণী তহবিলদাৰ, ৰাজ্যিক সম্পাদিকা ঈপ্সিতা বৰুৱা, কাৰ্য্যলয় সম্পাদকা তৃষ্ণা শৰ্মা, ৰাজ্যিক সামাজিক মাধ্যম সহঃ আহ্বায়ক হৃষীকেশ কলিতা, সদস্য মনোজ দাস, অনুৰাগ চলিহা আৰু হীৰক জ্যোতি বৰ্মন, গুৱাহাটী মহানগৰ জিলাৰ কৃষক মৰ্চা আৰু জালুকবাৰী সমষ্টিৰ যুৱকসকলে কাৰ্য্যসূচীত সহযোগ কৰে ।