নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছন ঘোচখোৰঃ দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ জেহাদঃ এমাহত গ্ৰেপ্তাৰ ১২ চৰকাৰী কৰ্মচাৰী

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীলতা নীতি গুৰুত্বহীন কৰি এচাম বিষয়া–কর্মচাৰীয়ে চলাই যোৱা দুর্নীতিৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে প্রশাসন–আৰক্ষী৷ দৰমহাৰ ধনেৰে সন্তুষ্ট নোহোৱা ঘোচখোৰ বিষয়া–কর্মচাৰীয়ে আৰক্ষীৰ ব্যাপক অভিযানৰ পাছতো উৎকোচ লোৱাৰ পৰা আঁতৰি থকা নাই৷ ফলত এজন এজনকৈ যোৱা এমাহত ধৰা পৰিল ১২জন কর্মচাৰী৷ ধুবুৰীৰ হাদুৰহাট ধৰমশালাৰ পৰা উচ্চবর্গৰ সহায়ক যতীন্দ্র নাথ ৰয়ক হাতে–লোটে ধৰা পেলায় এণ্টি কৰাপচনৰ দলে৷ ইয়াৰ পূর্বে যোৱা ৩০টা দিনত ৰাজ্যৰ ভিন্ন প্রান্তত বিভিন্ন পক্ষৰ অভিযোগৰ ভিত্তিত এণ্টি কৰাপচনে চলোৱা অভিযানত ধৰা পৰিছে ১২জনকৈ কর্মচাৰী৷ আজি চলোৱা অভিযানৰ পূর্বে কালি আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছিল কামৰূপ জিলাৰ ৰাণীৰ অন্তর্গত বি ই ই অ’ লাচিত বসুমতাৰী৷ ছার্ভিচ বুক উন্নীতকৰণৰ বাবে ধন দাবী কৰি হাতে–লোটে ধৰা পৰিছিল এইজন কর্মচাৰী৷ ইয়াৰ পূর্বে ধৰা পৰিছিল অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এজন জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰ৷ প্রশাসনৰ কর্মচাৰী–বিষয়াই নহয়, দুর্নীতিবিৰোধী অভিযানত অলপতে গ্রেপ্তাৰ হয় অসম আৰক্ষীৰ এজন এ এছ আই চবিন পাল দাস৷ গোৱালপাৰা আৰক্ষী থানাৰ এইজন আৰক্ষী বিষয়াক যোৱা ৭ আগষ্টত ধন লৈ থকা অৱস্থাতে হাতে–লোটে ধৰা পেলোৱা হয়৷ একেদৰে যোৱা ১১ আগষ্টত গ্রেপ্তাৰ হয় তামুলপুৰৰ উপ–পঞ্জীয়ক কার্যালয়ৰ এজন কর্মচাৰী গোপীনাথ দাস৷ তেনেদৰে আবকাৰী বিভাগৰ পৰিদর্শক লোহিত ফুকনক গোলাঘাট জিলাৰ বোকাখাতত যোৱা ১১ আগষ্টত উৎকোচ লৈ থকা অৱস্থাতে ধৰা পেলোৱা হয়৷ উল্লেখ্য যে চৰকাৰী বিষয়া–কর্মচাৰীয়ে ধন বিচাৰি আতিশয্য চলালে ইয়াৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ দিবলৈ শেহতীয়াকৈ অসম আৰক্ষীয়ে মুকলি কৰিছে টোল ফ্রী আৰু হোৱাটছএপ নম্বৰ৷ সেই অনুসৰি ১৮০০৩৪৫৩৭৬৭ টোল ফ্রী নম্বৰেৰে আৰু ৬০২৬৯০১২৪৩ হোৱাটছএপ নম্বৰেৰে উৎকোচ বিচৰা কর্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে৷ এনে আহ্বানৰ পাছতে যোৱা ৬ আগষ্টত এণ্টি কৰাপচন দলৰ হাতত ধৰা পৰিছিল পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ৷ সমান্তৰালভাৱে গুৱাহাটীত গ্রেপ্তাৰ হোৱা এইজন পঞ্জীয়কক আৰক্ষীয়ে জাল পেলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, যোৱা ৪ আগষ্টত ধৰা পৰিছিল চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্রৰ লাট মণ্ডল হৰিপ্রসাদ দাস৷ ৩ আগষ্টত ঘোচ লৈ থকা অৱস্থাত ধৰা পৰিছিল কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্রৰ লাট মণ্ডল মদন নাথ৷ এনে অভিযানৰ মাজতে এণ্টি কৰাপচনৰ অন্যতম সফলতা আছিল শিলচৰত গ্রেপ্তাৰ হোৱা বন বিষয়া দেৱব্রত গগৈ৷ কাছাৰ জিলাৰ লক্ষীপুৰ ৰেঞ্জৰ এইজন বন বিষয়াই ৰাষ্ট্রীয় ঘাইপথত উৎকোচ লৈ পলাবলৈ বিচাৰোঁতে অভিযানকাৰী দলে খেদি খেদি গৈ এক কিলোমিটাৰ দূৰত্বত আটক কৰিবলৈ সক্ষম হৈছিল৷ যোৱা ২৯ জুলাইত ঘোচ লৈ থকা অৱস্থাত ধৰা পৰিছিল ডিব্রুগড়ৰ খোৱাঙৰ বি ই ই অ’ কার্যালয়ৰ ডিলিং এছিছটেণ্ট নৱজ্যোতি শর্মা৷ উক্ত দিনাই উৎকোচ লোৱা অৱস্থাত হাতে–লোটে ধৰা পৰিল মৰিগাঁও জিলাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ৷ আনহাতে ১৯ জুলাইত বাক্সাত চলোৱা অভিযানত ধৰা পৰিল স্বাস্থ্যসেৱা বিভাগৰ জ্যেষ্ঠ সহায়ক বিপিন কলিতা৷ ইফালে, আজি ধুবুৰীৰ হাদুৰহাট ধৰমশালাৰ পৰা উৎকোচ লোৱাৰ অভিযোগত এণ্টি কৰাপচনে গ্রেপ্তাৰ কৰা যতীন্দ্র নাথ ৰয়ে দুহেজাৰ টকাৰ উৎকোচ বিচাৰিছিল৷ এজন লোকৰ ছার্ভিচ বুক পূর্বৰ পোষ্টিং স্থানৰ পৰা বর্তমানৰ পোষ্টিং স্থানলৈ স্থানান্তৰণৰ বাবে এই ধন দাবী কৰাৰ পাছতে লোকজনে এণ্টি কৰাপচনত অভিযোগ দাখিল কৰে৷ এই অনুসৰি আজি দুপৰীয়া প্রায় ১.৩০ বজাত উৎকোচ লৈ থকা সময়তে হাতে–লোটে ধৰা পেলায় যতীন্দ্র নাথ ৰয়ক৷ এই সন্দর্ভত আৰক্ষীয়ে দুর্নীতি প্রতিৰোধ আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে৷

You might also like