নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বিদ্যালয় খোলা ৰখাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ছাত্র–ছাত্রীসকলক মহাত্মা গান্ধীৰ মূল্যবোধৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনটোত সকলো বিদ্যালয় খোলা ৰখাৰ সিদ্ধান্ত লৈছে৷ শিক্ষা বিভাগে এই সন্দর্ভত প্রেৰণ কৰা নির্দেশনা অনুসৰি উক্ত দিনটোত চৰকাৰী–প্রাদেশীকৃত বিদ্যালয়সমূহ খোলা ৰাখি আন্তর্জাতিক অহিংসা দিৱস পালন কৰাৰ লগতে মহামানৱ মহাত্মা গান্ধীৰ আদর্শসমূহ ছাত্র–ছাত্রীৰ আগত দাঙি ধৰিবলৈ নির্দেশ দিছে৷ বিভাগে জাৰি কৰা নির্দেশটোত উল্লেখ কৰা হৈছে– ২ অক্টোবৰত বিশ্বব্যাপী পালন কৰা হ’ব আন্তর্জাতিক অহিংসা দিৱস৷ এই উদ্দেশ্যে বিদ্যালয়সমূহত মহাত্মা গান্ধীৰ জয়ন্তী পালন কৰি শিক্ষার্থীসকলক একতাৰ সংস্কৃতিৰ বিষয়ে বিদ্যালয় কর্তৃপক্ষই সোঁৱৰাই দিব৷

You might also like