নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বন্ধৰ আনুষ্ঠানিক ঘোষণা ৰাজ্য চৰকাৰৰ

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ চৰকাৰী বন্ধৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্রকাশ পাইছে। এই তালিকাত ৰাজ্যপালে অনুমোদন জনাইছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন স্বাক্ষৰিত এই তালিকা প্রকাশ কৰিছে৷ সেই অনুসৰি ২০২৪ বর্ষত ৰাজ্যৰ চৰকাৰী বন্ধৰ সংখ্যা হৈছে ৩৬ দিন৷ ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কার্যালয় তথা সকলো ৰাজহ আৰু দণ্ডাধীশ আদালতৰ কর্মচাৰীসকলে ঘোষিত বন্ধ লাভ কৰিব৷ আজি প্রকাশ কৰা অনুসৰি জানুৱাৰী মাহত পাঁচ দিন ক্রমে ১৫, ১৬ জানুৱাৰীত মাঘবিহু আৰু টুচু পূজা, ২৩ জানুৱাৰীত নেতাজী দিৱস, ২৬ জানুৱাৰীত গণতন্ত্র দিৱস আৰু ৩১ জানুৱাৰীত মে–ডাম–মেফিৰ বন্ধ চৰকাৰী কর্মচাৰীসকলে লাভ কৰিব৷ অৱশ্যে ফেব্রুৱাৰী মাহত কেৱল এটা দিনহে চৰকাৰী বন্ধ থাকিব৷ ২৪ ফেব্রুৱাৰীত বীৰ চিলাৰায় দিৱস উপলক্ষে চৰকাৰী কার্যালয়সমূহ বন্ধ থাকিব৷ আনহাতে, মার্চ মাহত থাকিব দুদিন চৰকাৰী বন্ধ৷ ২৫ মার্চত দৌল যাত্রা আৰু ২৯ মার্চত গুড ফ্রাইডে উপলক্ষে চৰকাৰী কার্যালয়সমূহ বন্ধ থাকিব৷ এপ্রিল মাহত পাঁচ দিন চৰকাৰী বন্ধ কর্মচাৰীসকলে লাভ কৰিব৷ ১১ এপ্রিলত ঈদ–উল–ফিটৰ ১৩, ১৪ আৰু ১৫ এপ্রিলত ব’হাগ বিহু, ২০ এপ্রিলত সতী সাধনী দিৱস উপলক্ষে চৰকাৰী কার্যালয়সমূহ বন্ধ থাকিব৷ মে’ মাহতো চাৰিদিনকৈ চৰকাৰী কার্যালয়সমূহৰ কাম–কাজ বন্ধ থাকিব৷ ১ মে’ত শ্রমিক দিৱস, ৮ মে’ত দামোদৰ দেৱৰ তিথি, ২৩ মে’ত বুদ্ধ পূর্ণিমা আৰু ২৪ মে’ত মাধৱদেৱৰ জন্মতিথি উপলক্ষে চৰকাৰী বন্ধ থাকিব৷ জুন মাহৰ মাত্র এদিনহে চৰকাৰী বন্ধ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ ১৭ জুনত ঈদ–উল–জোহা উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে৷ ১৫ আগষ্টত স্বাধীনতা দিৱস, ২৩ আগষ্টত মাধৱদেৱৰ তিৰোভাৱ তিথি, ২৬ আগষ্টত জন্মাষ্টমী উপলক্ষে চৰকাৰী বন্ধ থাকিব৷ সমান্তৰালভাৱে ৪ ছেপ্ঢেম্বৰত শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্ঢেম্বৰত কৰম পূজা, ২ অক্টোবৰত গান্ধী জয়ন্তী, ১০, ১১ আৰু ১২ অক্টোবৰত দুর্গা পূজা, ১৩ অক্টোবৰত শ্রীশ্রী শংকৰদেৱৰ জন্মোৎসৱ, ১৭ অক্টোবৰত কাতি বিহু, ৩১ অক্টোবৰত কালী পূজা উপলক্ষে চৰকাৰী বন্ধ থাকিব৷ সেইদৰে ৩ নৱেম্বৰত ভাতৃ দ্বিতীয়া, ৭ নৱেম্বৰত ষট পূজা, ১৫ নৱেম্বৰত গুৰুনানক জয়ন্তী, ২৪ নৱেম্বৰত লাচিত দিৱস, ২ ডিচেম্বৰত অসম দিৱস আৰু ২৫ ডিচেম্বৰত বৰদিন উপলক্ষে ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ বন্ধ থাকিব৷ ইয়াৰ উপৰিও মহৰম উপলক্ষে ১৭ জুলাইত আৰু লক্ষ্মী পূজা উপলক্ষে ১৬ অক্টোবৰত অর্ধছুটী ঘোষণা কৰা হৈছে৷ তদুপৰি ৰাজ্যৰ চৰকাৰী কর্মচাৰীসকলে দুদিনৰ বাবে স্থানীয় বন্ধৰ সুবিধা লাভ কৰিব৷ কামৰূপ মহানগৰ জিলাৰ বাহিৰে এদিনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিব পাৰিব৷ অৱশ্যে কামৰূপ মহানগৰ জিলাত মুখ্যমন্ত্রীৰ অনুমোদন সাপেক্ষে সাধাৰণ প্রশাসন বিভাগেহে দুদিনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিব পাৰিব৷

You might also like