নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাথৌ ধৰ্মক জগতসভালৈ নিয়াৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

👉ৰাজ্য চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো বাথৌ মন্দিৰত পাঁচ লাখ টকাকৈ দিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ

👉গুৱাহাটীত অৱস্থিত বাথৌ মন্দিৰৰ বাবে ১০ কোটি টকাৰ সাহাৰ্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷

👉প্ৰতি বছৰে বাথৌ মহাসভাক ৫০ লাখ টকাৰ অনুদান প্ৰদান কৰিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ৷

✅পাঁচ তত্ত্বৰ দ্বাৰা পৰিচালিত, বৈজ্ঞানিক দৃষ্টিভংগীৰে সৃষ্ট, প্ৰকৃতিৰ পূজাৰ আধাৰত প্ৰতিষ্ঠিত বাথৌ দেৱতাক আজি প্ৰথমবাৰৰ বাবে পৱিত্ৰ সিজু গছক পূজা কৰি প্ৰাৰ্থনা কৰাত বিমলানন্দ লাভ কৰিলো : গৃহমন্ত্ৰী অমিত শ্বাহ

✅বিটিআৰ লাভৰ আন্দোলনৰ সময়ত কংগ্ৰেছৰ দিনত গভীৰ ষড়যন্ত্ৰৰে গণহত্যা কৰা হৈছিল ৷কিন্ত গৌৰৱৰ বিষয় যে, বিগত তিনি বছৰত বড়োভূমিত এটাও গুলী ফুটা নাই,সন্ত্ৰাসবাদী কোনো কাৰ্যকলাপ হোৱা নাই : গৃহমন্ত্ৰী

ঠেলামৰাৰ শ্বহীদ লেৰেলা, মণিৰাম কছাৰী, ৰতন কছাৰী স্মৃতি ক্ষেত্ৰৰ পৰা কল্পজ্যোতি নাথ, ঢেকীয়াজুলি, ২০ জানুৱাৰীঃ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঢেকিয়াজুলিৰ ঠেলামৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নিখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰি বাৰ্ষিক অধিৱেশনস্থলীত উপস্থিত হৈ বাথৌ ধৰ্মাৱলম্বী এক লক্ষ্যাধিক ৰাইজে একেলগে আৰছ তথা প্ৰাৰ্থনা কৰা সভাত অংশগ্ৰহণ কৰে। অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে ১ লাখ বাথৌ ধৰ্মাৱলম্বী লোক ঢেকিয়াজুলিৰ ঠেলামৰাৰ এৰাসুঁতি গাঁৱত শ্বহীদ লেৰেলা,মণিৰাম কছাৰী,ৰতন কছাৰী স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত বাথৌ মহাসভাৰ অধিৱেশনত আৰছ তথা প্ৰাৰ্থনাস্থলীত উপস্থিত হৈ অভিভূত হৈ পৰে গৃহমন্ত্ৰীগৰাকী ৷ উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে আদৰণি ভাষণ প্ৰদান কৰি বাথৌ ধৰ্মক নিখিল বাথৌ মহাসভাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিনম্ৰতাৰে প্ৰয়াস কৰা ইতিবাচক পদক্ষেপৰ শলাগ লয় ৷ মন্ত্ৰীগৰাকীয়ে নিখিল বাথৌ মহাসভাৰ অধিৱেশনত উপস্থিত হোৱা বাবে গৃহমন্ত্ৰী অমিত শ্বাহক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইয়াৰ পিছতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে উদ্বোধনী ভাষণ প্ৰদান কৰি, বাথৌ ধৰ্ম এটি অতি প্ৰাচীন ধৰ্ম ৷ বড়ো জনগোষ্ঠীয় লোকসকলে সুদীৰ্ঘ দিন ধৰি বাথৌ ধৰ্ম পালন কৰি আহিছে।বিভিন্ন ৰীতি নীতিৰ মাজেৰে বৈজ্ঞানিক দৃষ্টিভংগীৰ আধাৰত সৃষ্ট বাথৌ ধৰ্ম এই ধৰ্মাৱলম্বী ৰাইজে পালন কৰাৰ লগতে বাথৌ ধৰ্মৰ ওপৰত গৱেষণা চলি আছে বুলি জনায়৷বড়ো জনগোষ্ঠীৰ ৰীতি নীতি সমূহ কেৱল বাথৌ ধৰ্মৰ আধ্যাত্মিক দিশটোৰ বাবে সজীৱ হৈ আছে বুলি জনায়। বাথৌ ধৰ্মক আজি বৈজ্ঞানিকভাৱে সংস্কাৰ কৰি বড়ো সমাজৰ লগতে বিভিন্ন শ্ৰেণীৰ ৰাইজে যাতে বাথৌ ধৰ্ম পালন কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনায় ।বাথৌ ধৰ্মক ভাৰতবৰ্ষত জনপ্ৰিয় কৰাৰ বাবে মুখ্য অতিথি হিচাপে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ অহা বাবে বাথৌ ধৰ্মীয় ৰাইজসকল অত্যন্ত উৎসাহী পৰিছে বুলি কৈ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে বড়ো জাতিৰ উন্নয়ন ,শান্তি আৰু প্ৰগতিৰ বাবে যথেষ্ট বৰঙনি আগবঢ়াইছে বুলি উল্লেখ কৰি কৃতজ্ঞতা জনায় ৷ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক লক্ষাধিক বাথৌ ধৰ্মাৱলম্বী ৰাইজ সমবেত হোৱা ধৰ্মীয় সভাখনত বাথৌ ধৰ্মৰ প্ৰথম শাৰীৰ ধৰ্মীয় গীতটিৰ শুভাৰম্ভণি কৰে ।ধৰ্মীয় সভাখনৰ শুভাৰম্ভণি কৰি ভাষণৰ প্ৰথমতেই মুখ্যমন্ত্ৰীগৰাকীয়ে, নিখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰি বাৰ্ষিক অধিৱেশনস্থলীৰ পৱিত্ৰ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷গৃহমন্ত্ৰীগৰাকীৰ উদ্যোগত অসমত এক সুস্থ, শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷ আজিৰ এই মহান দিনটোত বড়ো সমাজৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বাথৌ ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপনাথ বসুমতাৰীক সশ্ৰদ্ধ স্মৰণ কৰি নিখিল বাথৌ মহাসভাৰ সভাপতি খগেন ৰামছিয়াৰীৰ লগতে সাধাৰণ সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়া তথা ৰাইজৰ অভিনন্দন জ্ঞাপন কৰে৷আজিৰ পৰা তিনি দশক পূৰ্বে প্ৰতিষ্ঠা হোৱা বাথৌ মহাসভাই এক চহকী জাতি বড়ো জাতিৰ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতি প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰূপ কৰি আহিছে বুলি কৈ বাথৌ মহাসভাৰ এনে পদক্ষেপে জাতিটোক ধৰ্মীয়, সাংস্কৃতিক, সামাজিক শৈক্ষিকভাৱে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি কয়৷ বাথৌ ধৰ্মাৱলম্বী ৰাইজে পৱিত্ৰ সিজু গছক সু-প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰি আহিছে। বড়ো জনগোষ্ঠীৰ এনে ৰীতি নীতিয়ে ভাৰতবৰ্ষৰ জাতি জনগোষ্ঠীৰ মানচিত্ৰখনত সুকীয়া স্থান দখল কৰিছে ৷এই বিষয়ত গভীৰ উপলব্ধিৰে চৰকাৰে খিলঞ্জীয়াসকলৰ বাবে বিভাগ সৃষ্টি কৰি অনুদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এটা জাতিৰ সত্বা চিৰযুগমীয়া কৰিবলৈ সকলোৱে নিজৰ ধৰ্মীয় পৰম্পৰাক শক্তিশালী কৰিব লাগিব ৷ বাথৌ ধৰ্মক বিশ্ব সভা তথা জগত সভালৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে৷ৰাজ্য চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো বাথৌ মন্দিৰত পাঁচ লাখ টকাকৈ দিব বুলি ঘোষণা কৰাৰ লগতে গুৱাহাটীত অৱস্থিত বাথৌ মন্দিৰৰ বাবে ১০ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷আনহাতে প্ৰতি বছৰে বাথৌ মহাসভাক ৫০ লাখ টকাৰ অনুদান প্ৰদান কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বড়ো সমাজৰ যুৱ প্ৰজন্মক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় যে বাথৌ ধৰ্মক জগত সভালৈ লৈ যাব লাগিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহদেৱৰ সদিচ্ছাৰ বাবেই আজি বড়ো সশস্ত্ৰ সংগঠনৰ লগত এক ঐতিহাসিক শান্তি চুক্তি হ’ল ৷অসমত ঐক্য শান্তিৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ পিছতে মহাসভাত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰি ত্ৰয়োদশ ত্ৰি বাৰ্ষিক বাথৌ মহাসভাৰ অধিৱেশনত সমবেত হোৱা বাথৌ ধৰ্মাৱলম্বী ৰাইজৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিক শুভেচ্ছা জনায়। দেশৰ অনেক প্ৰকাৰৰ ধৰ্মীয় পৰম্পৰাৰ ভিতৰত বাথৌ ধৰ্ম হ’ল প্ৰকৃতিক পূজা কৰা এক আধ্যাত্মিক ধৰ্মীয় পৰম্পৰা৷ বড়ো জাতিৰ নমস্য ব্যক্তি কালিচৰণ ব্ৰক্ষ্ম আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মক সশ্ৰদ্ধ প্ৰণিপাত জনায় গৃহমন্ত্ৰীগৰাকীয়ে ৷ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিয়া তিনিগৰাকী বীৰ শ্বহীদ ক্ৰমে ৰতন কছাৰী, মণিৰাম কছাৰী আৰু লেৰেলা কছাৰীক স্মৰণ কৰি বক্তৃতা আৰম্ভ কৰে গৃহমন্ত্ৰীগৰাকীয়ে৷ভাষণ প্ৰদান কৰি প্ৰথমেই যেতিয়া গৃহমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে তেতিয়াই বড়ো জাতিৰ ঐতিহ্যৰ লগত পৰিচয় হৈছিল বুলি উল্লেখ কৰে। আজি বড়োলেণ্ডত সন্ত্ৰাসবাদ নিৰ্মূল কৰি গুলী বাৰুদৰ শব্দ ৰুদ্ধ কৰি এক শান্তি আৰু প্ৰগতিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ চৰকাৰে বিনম্ৰ প্ৰয়াস কৰি সফল হৈছে বুলি অনুভৱ ব্যক্ত কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰে বাথৌ ধৰ্মাৱলম্বী ৰাইজে বাথৌ উৎসৱ পালন কৰা বাবে বন্ধ ঘোষণা কৰাত অসমৰ মুখ্যমন্ত্ৰীৰ শলাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে উত্তৰ পূৱৰ শান্তিৰ বাবে সদায় প্ৰাৰ্থনা কৰি আহিছো। বহিঃৰাষ্ট্ৰ নেপাল, ভূটান, বাংলাদেশ, ইত্যাদিৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বাথৌ ধৰ্মীয় লোকসকল আহি উপস্থিত হৈ ঐতিহাসিক তথা যুগমীয়া পৰিৱেশ সৃষ্টি কৰা বাবে কৃতজ্ঞতা জনায় গৃহমন্ত্ৰীগৰাকীয়ে৷ অগ্নি, আকাশ, বায়ু, পৃথিৱী, জল এই পাঁচ তত্ত্বৰ ওপৰৰ ভিত্তি কৰি বাথৌ ধৰ্ম সৃষ্টি হৈছে ৷ বৌদ্ধ ধৰ্মৰ পাঁচ তত্ত্বৰ সৈতে বাথৌ ধৰ্ম আগবাঢ়ি গৈছে । পাঁচ তত্ত্বৰ দ্বাৰা পৰিচালিত, বৈজ্ঞানিক দৃষ্টিভংগীৰে সৃষ্ট, প্ৰকৃতিৰ পূজাৰ আধাৰত প্ৰতিষ্ঠিত বাথৌ দেৱতাক আজি প্ৰথমবাৰৰ বাবে পৱিত্ৰ সিজু গছক পূজা কৰি প্ৰাৰ্থনা কৰাত বিমলানন্দ লাভ কৰিলো বুলি অনুভৱ ব্যক্ত কৰে গৃহমন্ত্ৰীগৰাকীয়ে। আজি অত্যন্ত সুখী যে আপোনালোকৰ মাজত উপস্থিত হ’বলৈ পাইছো। আপোনালোকে বাথৌ ধৰ্মৰ গভীৰতাক উপলব্ধি কৰিবলৈ চেষ্টা কৰক। বাথৌ ধৰ্মক যুগ যুগান্তৰলৈ আগুৱাই লৈ যাওঁক৷ আমি চৰকাৰে সকলোপ্ৰকাৰে সহযোগিত কৰিম বুলি ভাষণত উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। বড়ো আন্দোলন তথা বিটিআৰ লাভৰ বাবে আন্দোলনৰ সময়ত কংগ্ৰেছৰ দিনত গভীৰ ষড়যন্ত্ৰৰে গণহত্যা কৰা হৈছিল ৷কিন্ত গৌৰৱ কৰি ক’ম যে বিগত তিনি বছৰত বড়োভূমিত এটাও গুলী ফুটা নাই,সন্ত্ৰাসবাদী কোনো কাৰ্যকলাপ হোৱা নাই। চৌদিশে শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে ৷ এই নটা বৰ্ষত ৯ টাকৈ শান্তি চুক্তি হ’ল৷ হাজাৰ হাজাৰ উগ্ৰপন্থীয়ে বন্দুক সমৰ্পণ কৰি শান্তিৰ পৰিৱেশলৈ ঘূৰি আহিছে।বৰ্তমান ১৫০০ কোটি টকাৰ পেকেজ বড়োভূমিত দিয়া হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত শান্তি বিৰাজ কৰিছে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীৰ শলাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।এইগৰাকী মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বড়ো ভাষাক সহযাত্ৰী ভাষা হিচাপে অসমত প্ৰতিষ্ঠা কৰা হৈছে। আন্দোলনত শ্বহীদ লোৱা বীৰ শ্বহীদসকলক ৫ লাখকৈ টকা দিয়া হৈছে। সকলো কৃষকক ১২ হাজাৰকৈ টকা দিয়াৰ লগতে আয়ুস্মান ভাৰতকে আদি কৰি দুখীয়া হিতাধিকাৰীসকলৰ বাবে অজস্ৰ আঁচনি গ্ৰহণ কৰি দুখীয়া শ্ৰেণীৰ ৰাইজক উপকৃত কৰিবলৈ এইখন চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি কয় ৷তেওঁ লগতে বাথৌ মহাসভাৰ পৱিত্ৰ প্ৰাৰ্থনাৰ সময়ত উপস্থিত হৈ পৱিত্ৰ সিজু গছক অভিনৱ প্ৰাকৃতিক পৰিৱেশত পূজা অৰ্চনা কৰি খুবেই আনন্দিত হৈছো বুলি কৈ বাথৌ ধৰ্মক পুনৰায় অধিক শক্তিশালী কৰি গঢ়ি তুলিবলৈ বাথৌ ধৰ্মাৱলম্বী ৰাইজক আহ্বান জনোৱাৰ লগতে বাথৌ মহাসভাক আহ্বান জনায় । নিখিল বাথৌ মহাসভাৰ বিশাল অধিৱেশনত গৃহ বিভাগৰ সচিব অজয় ভাল্লা,সাংসদ প্ৰদান বৰুৱা,সাংসদ দিলীপ বৰুৱা ,সাংসদ পল্লৱ লোচন দাস,মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰক্ষ্ম,বিধায়ক গণেশ কুমাক লিম্বুকে প্ৰমুখ্য কৰি মন্ত্ৰী বিধায়কসকল উপস্থিত থাকে৷ নিখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনৰ কাৰ্যকৰী সভাপতি লীলাধৰ বড়ো, সম্পাদক ললিত বড়ো, শোণিতপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি হৰিচন্দ্ৰ বসুমতাৰী প্ৰমুখ্যে উদযাপন সমিতিৰ বিশিষ্ট ব্যক্তিসকলে বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰি বাৰ্ষিক অধিৱেশনখনি শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বাথৌ ধৰ্মীয় ৰাইজৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

You might also like