নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HSত ৮০% নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীলৈহে ৰাজ্য চৰকাৰৰ স্কুটী

৫ জুনত স্নাতকোত্তৰ–স্নাতক শিক্ষকৰ পৰীক্ষাৰ প্রাৰম্ভিক ফলাফল

ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা

এডিআৰইৰ তৃতীয়বর্গৰ কম্পিউটাৰ–গাড়ীচালক-ষ্টেন’গ্রাফাৰ–ইলেক্ট্রিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ

চতুর্থবর্গৰ মৌখিক পৰীক্ষাও ১৫ জুনৰ পৰা আৰম্ভ

জুনৰ প্রথম সপ্তাহত তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰীৰ পাৰস্পৰিক বদলিৰ নির্দেশনা মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ :  এডিআৰইৰ তৃতীয়বর্গৰ কম্পিউটাৰ পৰীক্ষা, গাড়ীচালকৰ গাড়ীচালনাৰ পৰীক্ষা, ষ্টেন’গ্রাফাৰৰ ষ্টেন’ৰ ব্যৱহাৰিক পৰীক্ষা আৰু ইলেক্ট্রিচিয়ানৰ দক্ষতা পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ হ’ব৷

এমাহৰ ভিতৰত এই পৰীক্ষা সম্পূর্ণ হ’ব৷ সেইদৰে চতুর্থবর্গৰ প্রার্থীসকলৰ মৌখিক পৰীক্ষাও অহা ১৫ জুনৰ পৰা আৰম্ভ হ’ব আৰু এমাহৰ ভিতৰত সম্পূর্ণ হ’ব৷  ফেচবুক লাইভত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ পৰীক্ষাৰ ফলাফল সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৫ জুনত সেই পৰীক্ষাৰ প্রাৰম্ভিক ফলাফল প্রকাশ পাব৷ তাৰ পাছতে প্রার্থীসকলৰ নথিপত্র পৰীক্ষণৰ কাম আৰম্ভ হ’ব৷ নথিপত্র পৰীক্ষণত যোগ্য বিবেচিত হোৱাসকলেই চূড়ান্ত প্রার্থী হ’ব৷ আনহাতে তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰীৰ পাৰস্পৰিক বদলিৰ প্রসংগত ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাৰস্পৰিক বদলিৰ বাবে ১৮ হাজাৰ কর্মচাৰীয়ে আবেদন কৰিছিল৷ ইয়াৰে ৮ হাজাৰ প্রার্থীৰ মেথছ মেকিং কৰিব পাৰিলোঁ৷

অর্থাৎ যি স্থানৰ পৰা এজন কর্মচাৰীয়ে বদলি হ’ব বিচাৰিছে, সেই স্থানলৈ আন এজন কর্মচাৰী বদলি হৈ আহিব বিচাৰিছে৷ অহা জুন মাহৰ প্রথম সপ্তাহত সেই যোগ্য কর্মচাৰীসকলৰ বদলিৰ নির্দেশনা এপযোগে মুকলি কৰি দিয়া হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে অহা আগষ্ট বা ছেপ্ঢেম্বৰ মাহত আৰু এবাৰ পাৰস্পৰিক বদলিৰ বাবে আবেদন কৰাৰ সুবিধা দিয়া হ’ব৷

সেইদৰে ২০২৪–২৫ বর্ষত স্নাতক উত্তীর্ণসকলৰ বাবে জীৱন প্রেৰণা আঁচনি আগবঢ়োৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নিযুত মইনাৰ শিক্ষার্থীয়ে এই আঁচনিৰ সুবিধা নাপাব৷ জীৱন প্রেৰণা আঁচনিৰ প’র্টেল জুন মাহত মুকলি কৰি দিয়া হ’ব৷ যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব৷ এই আঁচনিৰ অধীনত এবছৰৰ বাবে মাহে ২,৫০০ টকাকৈ লাভ কৰিব৷

সেইদৰে কলেজত এই বছৰো বিনামূলীয়া নামভর্তি অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ২৮ অথবা ২৯  মে’ত তেওঁ কলেজৰ অধ্যক্ষসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চত মিলিত হৈ যিসকল শিক্ষার্থীৰ ঘৰত ৰেচন কার্ড আছে তেওঁলোকক কোনো আয়ৰ প্রমাণ–পত্র অবিহনে অকল ৰেচন কার্ডখন চায়েই নামভর্তি কৰোৱাৰ বিষয়ে অৱগত কৰিব৷ অৱশ্যে ৰেচন কার্ড নথকাসকলে আয়ৰ প্রমাণ–পত্র দাখিল কৰিব লাগিব৷

মুখ্যমন্ত্রীৰ অন্যতম অভিলাষী আঁচনি নিযুত মইনা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বছৰ প্রথম নিযুত মইনা আঁচনি প্রৱর্তন কৰা হৈছিল৷ এই বছৰো দ্বিতীয় বর্ষৰ বাবে নিযুত মইনাৰ প্র–পত্র সাজু কৰি উলিওৱা হৈছে আৰু কলেজৰ অধ্যক্ষসকলে ছাত্রীসকলক প্র–পত্রসমূহ প্রদান কৰিব৷ চেল্ফ ফাইনেঞ্চিং ক’ছত অধ্যয়নৰত ছাত্রীসকলকো এইবাৰ নিযুত মইনা আঁচনিত সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি এইবাৰ উচ্চতৰ মাধ্যমিক প্রথম বর্ষ, স্নাতক প্রথম বর্ষ, স্নাতকোত্তৰ প্রথম বর্ষত নামভর্তি কৰাৰ লগে লগে ছাত্রীসকলক নিযুত মইনাৰ প্র–পত্র দিয়া হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

আনহাতে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰেৰে উত্তীর্ণ ছাত্র–ছাত্রীসকলেহে স্কুটী লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আনসকল ছাত্রীয়ে নিযুত মইনাৰ সুবিধা লাভ কৰিব৷ ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ শর্মাই মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম আঁচনিৰ অধীনত আগবঢ়াবলগীয়া ২ লাখ টকাৰ এতিয়ালৈ ২৫ হাজাৰ যুৱক–যুৱতীক এক লাখ টকাকৈ আগবঢ়োৱা হৈছে৷ অহা আগষ্ট মাহত তেওঁলোকৰ কাম–কাজ চৰকাৰে চাবলৈ যাব৷ তাৰ পাছত চৰকাৰে দ্বিতীয় কিস্তিৰ অৱশিষ্ট এক লাখ টকা অহা ছেপ্ঢেম্বৰ মাহত আগবঢ়াব৷

সেইদৰে বাকী ৭৫ হাজাৰ যুৱক যুৱতীৰ বাবে চলি থকা সাক্ষাৎকাৰ অহা ৩০ মে’ৰ ভিতৰত চৰকাৰে সামৰণি পেলাব৷ যাতে তেওঁলোকক অতি সোনকালে এক লাখ টকা আগবঢ়াব পাৰে৷ ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ শর্মাই সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত বিজেপি আৰু মিত্রজোঁটৰ প্রার্থীক জয়যুক্ত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ যোৱা পঞ্চায়ত নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ চৰকাৰে পালন কৰি অহাৰ কথা উল্লেখ কৰি কয় যে অহা অক্টোবৰ মাহৰ ভিতৰত বাকী থকা প্রতিটো প্রতিশ্রুতি ৰূপায়ণ কৰিব৷

You might also like