শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠানঃ বৰ্ষপূৰ্তিৰ সমান্তৰালভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ১০ মেঃ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠান। বৰ্ষপূৰ্তিৰ সমান্তৰালভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন। সেইসমূহৰ ভিতৰত-
?খানাপাৰাত আৰক্ষী আয়ুক্তৰ ভৱন।
?কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তৰ সংহত কাৰ্যালয়।
?সংহত সঞ্চালকালয় ভৱন।
?অসম আৰক্ষী ৰিজাৰ্ভৰ পুনঃউন্নয়ন।
?৫০০০ আসনযুক্ত প্ৰেক্ষাগৃহ প্ৰকল্প আদি উল্লেখযোগ্য।
অনুষ্ঠানতে চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ বিৱৰণসম্বলিত এখন পুস্তিকা আৰু মাহেকীয়া সংবাদ পত্ৰ ‘অসম বাৰ্তা’ উন্মোচন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰীদ্বয় ক্ৰমে অতুল বৰা আৰু ৰণজিৎ কুমাৰ দাস, বি টি আৰপ্ৰধান প্ৰমোদ বড়ো, মুখ্য সচিব জিষ্ণু বৰুৱা।