নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনলক-৪, কি নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ…

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ৰাজ্যত আৰম্ভ হ’ল আনলক-৪। আনলক-৪ৰ বাবে অনুমোদন জনোৱা হৈছে নতুন নিৰ্দেশাৱলী—
-সপ্তাহৰ শনিবাৰ-দেওবাৰৰ ক্ষেত্ৰত থকা লকডাউন বাতিল। এতিয়াৰে পৰা খোলা থাকিব দুয়োটা দিন।
-নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ। নিশাৰ চলাচলত নাই কোনো বাধা।
-৩০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান।
-গৱেষণাৰ বাবে মুকলি থাকিব উচ্চ শিক্ষানুষ্ঠান।
-৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজহুৱা বাছৰ চলাচল।
-২১ ছেপ্টেম্বৰৰ পৰা সামাজিক, বিদ্যায়তনিক, সাংস্কৃতিক, ধৰ্মীয় স্থানত ১০০ জনৰ উপস্থিতি বাঞ্ছনীয়।
– বিবাহ অনুষ্ঠানত ৫০জনৰ উপস্থিতিত অনুমোদন।
– শেষকৃত্যৰ বাবে ২০ জনৰ সমাৱেশৰ অনুমতি।
-পাৰ্ক, চিনেমা হল, ছুইমিং পুল, থিয়েটাৰ হল বন্ধ থাকিব।

You might also like