নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগত মৃত্যু দুলীয়াজান মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপকৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ মাৰাত্মক ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে দুলীয়াজান মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ‍্যাপক প্ৰণৱজ‍্যোতি চেতিয়াই (৪৫)। ক’ভিড ৰোগত আক্ৰান্ত হৈ যোৱা ২৯ আগষ্টত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি হোৱা অধ‍্যাপকগৰাকীৰ কালি বিয়লিৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটি নিশা ১২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত‍্যাগ কৰে । প্ৰায় ২০ বছৰ ধৰি মহাবিদ্যালয়খনত শিক্ষকতাৰ সৈতে জড়িত হৈ থকা প্ৰিয় শিক্ষকগৰাকীৰ মৃত্যুত ছাত্ৰ-ছাত্ৰীৰ লগতে সমূহ শিক্ষকবৃন্দ শোকাবিহ্বল হৈ পৰিছে ।

আনহাতে দুলীয়াজান সাহিত্য সভা, উত্তৰণ কবি চক্ৰ, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভা আদি বহু ব‍্যক্তি বিশেষে অধ‍্যাপকগৰাকীৰ মৃত‍্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । তেওঁৰ মৃত্যুত আজি মহাবিদ‍্যালয়ত অনুষ্টুপিয়াকৈ আয়োজন কৰা হয় শোকসভা।

এই অনুষ্ঠানত অধ‍্যাপকগৰাকীৰ প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ‍্যক্ষ লোকবিকাশ গগৈ, উপাধ‍্যক্ষ সন্তোষ দাসসহ শিক্ষকমণ্ডলী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে। মৃত্যুৰ সময়ত অধ‍্যাপকগৰাকীয়ে ইহসংসাৰত এৰি গৈছে শিক্ষয়িত্ৰী পত্নীসহ এটি কন‍্যা সন্তান আৰু বহু আত্মীয়-স্বজনক ।

You might also like