নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ লাখৰ বিত্তীয় কেলেংকাৰি : ডিব্ৰুগড়ৰ ষ্টেট মিছন অফিচত তালাচী

বিশেষ বাৰ্তা, ১৮ মেঃ ডিব্ৰুগড়ৰ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত সংঘটিত ৩০ লাখ টকাৰ বৃহৎ বিত্তীয় কেলেঙ্কাৰীৰ সন্দৰ্ভত ষ্টেট মিচন অফিচৰ তিনি বিষয়াই তালাচী অভিযান চলোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।আজি পুৱাৰ পৰাই ডিব্ৰুগড়ৰ সৰ্বশিক্ষাৰ কাৰ্যালয়টোত অব্যাহত আছে তালাচী অভিযান। এই অভিযান সন্দৰ্ভত জিলা শিক্ষা বিষয়া বিন্তী শৰ্মাই জনোৱা অনুসৰি বিত্তীয় কেলেঙ্কাৰী সংঘটিত হোৱাৰ পৰাই কাৰ্যালয়টোৰ পৰা তিনিটাকৈ গুৰুত্বপূৰ্ণ ফাইল হেৰাই আছে। ইতিমধ্যে সেই ফাইল আৰু কেলেঙ্কাৰীৰ সন্ধৰ্ভত আন আন তথ্যৰ সন্ধানত তিনি জনীয়া দলটোৱে চলাইছে অবিৰত অভিযান।কাৰ্যালয়টোৰ একাউন্ট ছেকচনত সংঘটিত এই ব্যাপাক দুর্নীতিৰ তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীৰ দলেও এদিন পূৰ্বে কাৰ্যালয়টোত অভিযান চলাইছে।আৰক্ষীৰ অভিযান কালত কাৰ্যালয়টোৰ দুটা কোঠা বিশেষ ভাৱে তালাচী চলোৱা হৈছিল।আৰক্ষীয়ে অভিযানৰ সময়ত কাৰ্যালয়টোৰ দুখনমান গুৰুত্বপূর্ণ কাগজো জব্দ কৰিছে।পুনৰ কাৰ্যালয়টোত আৰক্ষীয়ে অভিযান চলোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে জিলা শিক্ষা বিষয়াগৰাকীয়ে। উল্লেখ্য যে ডিব্ৰুগড়ৰ সৰ্বশিক্ষা কাৰ্য্যালয়ৰ প্ৰায় ৩০ লাখ টকাৰ বিত্তীয় কেলেঙ্কাৰীৰ গোচৰত কাৰ্যালয়টোৰ গাণনিক ধনটি গগৈ শইকীয়া আৰু বিত্তীয় তথা গাণনিক বিষয়া (ফাউ) গিয়াছ আলিক গ্ৰেপ্তাৰ কৰিছিল।পাছত জামিনত দুয়ো মুকলি হ’ল যদিও, কেলেঙ্কাৰীৰ তদন্ত প্ৰক্ৰিয়া কিন্তু ক্ষীপ্ৰ গতিত অব্যাহত আছে এতিয়াও।কাৰ্য্যালয়টোৰ ফাউ গীয়াছ আলি জামিনত ওলাই আহি পুনৰ কাৰ্যালয়ত নিজৰ কৰ্মস্থলীত উপস্থিত হৈছে যদিও  গীয়াছক কাৰ্যালয়টোৰ কোনো কামৰ দায়িত্ব দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে।বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত গীয়াছৰ ওপৰত লোৱা হৈছে এই ব্যৱস্থা।নিজ আসনৰ পৰিৱৰ্তে বেলেগ কক্ষতহে গীয়াছক বহিবলৈ দিয়া হৈছে বুলিও প্ৰকাশ।উল্লেখ্য যে জিলা শিক্ষা বিষয়াই মে’ মাহৰ আৰম্ভণিতে বিত্তীয় কেলেংকাৰী উমান পাই ডিব্ৰুগড় সদৰ থানত এক গোচৰ দিছিল।এই গোচৰৰ ভিত্তিত যোৱা ৮ মে’ত গাণনিক ধন্টী গগৈ শইকীয়াক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।ইফালে কাৰ্যালয়ৰ বিত্তীয় তথা গাণনিক বিষয়া গীয়াছ আলীক ডিব্ৰুগড় আৰক্ষীয়ে ১০ মে’ত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।এতিয়া তদন্তৰ পাছতহে সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
প্ৰেৰক বিভাস দুৱৰা
You might also like