নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ নিষিদ্ধ সংগঠনৰ অপৰাধমূলক সঁজুলি সোণাপুৰত জব্দ এছটিএফৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ আজি অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে (এছটিএফ) বিশেষ অভিযান চলাই মণিপুৰৰ এজন যুৱক নিষিদ্ধ সামগ্ৰীসহ আটক কৰে। বিশেষ সূত্ৰ পম খেদি এছটিএফে আজি পুৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগেটত এখন বাহন সফলতাৰে জব্দ কৰে। চোৰাংচোৱাৰ তথ্য অনুসৰি মণিপুৰস্থিত নিষিদ্ধ সংস্থা এটাই অপৰাধমূলক কাৰ্যকলাপৰ বাবে সম্ভাৱ্য সঁজুলি ক্ৰয় কৰাৰ চেষ্টা চলোৱা সন্দেহ কৰা হৈছিল। জব্দকৃত গাড়ীখনত ড্ৰ’ন আৰু আনুষংগিক সঁজুলিৰ অকৰ্তৃত্বশীল সৰবৰাহৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্যৰ সহায়ত এই অভিযান চলোৱা হৈছিল। গাড়ীখনৰ পঞ্জীয়ন নম্বৰ এ এছ-০১ এফ ইউ-৩৯২৭ আৰু বাহনখনক গুৱাহাটীৰ ছয়মাইলৰ পৰা অনুসৰণ কৰি সোণাপুৰ টোলগেটত ধৰা হয়। ৰখোৱাৰ পিছত পৰিদৰ্শন কৰাৰ লগে লগে এছটিএফৰ দলটোৱে মণিপুৰৰ এজন যুৱকক আটক কৰে, যাক মণিপুৰৰ কাংপোকপি জিলাৰ সাপৰমেইনা থানাৰ গামংগাই গাঁৱৰ হেনছাট কিপগেনৰ পুত্ৰ খাইগৌলেন কিপগেন (২৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ লগত দুজন নাবালকো উদ্ধাৰ কৰা হৈছে। গাড়ীখনৰ পৰা ড্ৰোনত ব্যৱহাৰ হোৱা ১০টা টিবি৩০ বুদ্ধিমত্তাসম্পন্ন উৰণৰ বেটাৰী, নগদ ধন ৩,৪০,০০০ টকা, ৪ যোৰ জোতা, এটা মোবাইল হেণ্ডছেট জব্দ কৰা হৈছে। এই সামগ্ৰীসমূহ বিশেষকৈ ড্ৰ’নৰ বেটাৰী জব্দ কৰাটোৱে ষথেষ্ট গুৰুত্ব বহন কৰিছে। অনুমান কৰা হৈছে সংঘৰ্ষজৰ্জৰ মণিপুৰৰ নিষিদ্ধ সংগঠনে এইসমূহ ক্ৰয়ৰ বাবে গোপন প্ৰচেষ্টা কৰিছিল অবৈধ কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে। অধিক তথ্যৰ বাবে এছটিএফে প্ৰয়োজনীয় আনুষ্ঠানিকতা আৰু অধিক তদন্ত অব্যাহত ৰাখিছে আছে।

You might also like