নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আজি বিয়লি বঙাইগাঁৱৰ বইটামাৰীত আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা এখন ১২ চকীয়া ট্ৰাক উদ্ধাৰ কৰে। জানিব পৰা মতে ধুবুৰী জিলাৰ বগৰীবাৰীৰ চফিবৰ ৰহমানৰ ঘৰৰ সন্মুখৰ পৰা এ এচ ২৬ চি ৪৫৬০ নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক চোৰে চুৰি কৰি নিয়ে। পুৱাই ট্ৰাকখনৰ গৰাকী তথা চালক চফিবৰে দেখা নাপাই লগে লগে আৰক্ষীক অৱগত কৰে। পিচত বগৰীবাৰী আৰক্ষীয়ে চুৰি ট্ৰাকখনৰ সম্ভেদত বিভিন্ন ঠাইত অভিযান চলাই বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত নিত্যবজাৰত উদ্ধাৰ কৰে। উল্লেখ্য যে ট্ৰাকখনৰ গৰাকী তথা চালক চফিবৰ ৰহমানে পশ্চিমবংগৰ কোচবিহাৰৰ পৰা ৯৬২ বস্তা চাউলভৰ্তি কৰি ত্ৰিপুৰাৰ কুমাৰঘাট অভিমূখে যাত্ৰা আৰম্ভ কৰিছিল। চালকগৰাকীৰ ঘৰ বগৰীবাৰীৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হোৱাৰ সুত্ৰে নিশাটোৰ বাবে ট্ৰাকখন ঘৰৰ সন্মুখতে থৈ জিৰনি লৈছিল। সেই সুযোগতে চাউলভৰ্তি ট্ৰাকখন চোৰে লৈ উধাও হয় আৰু চাউলখিনি লুটি নিয়ে। আৰক্ষীয়ে খালী ট্ৰাকখন উদ্ধাৰ কৰিছে যদিও চাউলখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমানলৈ ট্ৰাকখনৰ চুৰি কাৰ্যত জৰিত অপৰাধীক কৰায়ত্ত কৰিব পৰা নাই যদিও আৰক্ষীৰ অভিযান অব্যাহত আছে।
প্ৰেৰক ৰুবুল কান্তি দাস