নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ধুমুহাত চূৰমাৰ বিদ্যালয় গৃহ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ যোৱানিশা ধুমুহাত নলবাৰীৰ পূৱপ্ৰান্তৰ কেন্দুকুছি ন-পুখুৰী মিলন বিদ্যাপীঠ এম. ই. স্কুলৰ বিদ্যালয় গৃহ তচনচ কৰি চূৰমাৰ কৰি পেলায়। ১৯৮৪ চনত স্থাপিত বিদ্যাপীঠখনৰ এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত পাঠদান কৰা বাবে হাহাকাৰ লাগিছে। মেৰামতিৰ বাবে চৰকাৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাতৰে অনুৰোধ জনাইছে। উল্লেখ্য যে ধুমুহাত জিলাখনৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি হৈছে ।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like