নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ শিংৰা হাইস্কুলত “সাধু কোৱা” কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২ জুনঃ “সাধু কথা কোৱা “বিষয়ৰ ওপৰত এক বিশেষ কৰ্মশালা কামৰূপ জিলাৰ বকোৰ শিংৰা হাইস্কুলত অনুষ্ঠিত হয়। আজি বকো শিক্ষাখণ্ডৰ অন্তৰ্গত শিংৰা হাইস্কুলৰ ” উদ্ভাৱনী আৰু সামুহিক শিক্ষণ কেন্দ্ৰত ” আয়োজন কৰা হয় সাধু কথা কোৱা এক বিশেষ কৰ্মশালা। সাম্প্ৰতিক সময়ত শিক্ষিত সমাজত তথা স্কুলীয়া জীৱনত ৰসিক ভাবৰ কথা-বাৰ্তা অৰ্থাৎ সাধু কথা কোৱা কৰ্মশালা এক অভিনৱ বিশেষ পন্থা হৈ পৰিছে। উক্ত কৰ্মশালাখনত শিংৰা হাইস্কুলৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে, শিংৰা হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত শৰ্মা আৰু সদ্য অৱসৰী উপাধাক্ষা বিজয়া ডেকাৰ লগতে মৌচোৱা গাঁৱৰ প্ৰভাত ৰাভাই । সাধু কথা কোৱা কৰ্মশালাখনত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত ৰাভাৰ উপৰি শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে জীৱেশ্বৰ কলিতা; গৌতম দাস; মহৰ আলী; চাৰ্জিনা বেগম; বৰ্ণালী ডেকা; মলয়া ৰাভা; জুনমণি মেধিৰ উপৰি বিদ্যালয়খনৰ সহঃ প্ৰধান শিক্ষয়িত্ৰী দীপিকা ঠাকুৰীয়াকে ধৰি বহুকেইজন শিক্ষক আৰু কৰ্মচাৰী । কৰ্মশালাখনত বহু আমোদ-প্ৰমোদৰ সাধু কথাৰ ওপৰত অন্তৰংগ আলাপ আলোচনা হয় বুলি জানিবলৈ দিয়ে প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like