নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চৰ ভিতৰতে বহুবিবাহৰ বিৰুদ্ধে কঠোৰ আইন

🔹 মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিলে বিশেষজ্ঞ কমিটীয়ে
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : অসমত বহুবিবাহ ৰোধ কৰাৰ ক্ষেত্রত নতুন আইন প্রণয়ন সম্পর্কত আইনগত দিশ পর্যালোচনা কৰি চৰকাৰক পৰামর্শ দিবলৈ গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত প্রতিবেদন দাখিল কৰে৷ উল্লেখ্য যে বর্তমানৰ ৰাজ্য চৰকাৰৰ দ্বিতীয় বর্ষপূর্তিৰ আগদিনা অর্থাৎ যোৱা ৯ মে’ত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰে হোৱা মত বিনিময় অনুষ্ঠানত ৰাজ্যখনত বহুবিবাহ বন্ধৰ বাবে চৰকাৰে পদক্ষেপ লোৱাৰ বিষয়ে প্রকাশ কৰে৷ ইয়াৰ বাবে চৰকাৰে আইনগত দিশ চোৱাচিতাৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিব বুলিও উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সেই ঘোষণাৰ পাছতে ১২ মে’ত ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ ৰুমী ফুকনক অধ্যক্ষ আৰু ৰাজ্যৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া, অতিৰিক্ত এডভোকেট জেনেৰেল নলীন কোহলি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক সদস্য হিচাপে লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিয়ে৷ কমিটীক প্রতিবেদন দাখিলৰ সময়সীমা দুমাহ নির্ধাৰণ কৰি দিছিল যদিও নির্দিষ্ট সময়ত প্রতিবেদন দাখিল কৰিব নোৱাৰাত পুনৰ এমাহৰ বাবে সময়সীমা বৃদ্ধি কৰি দিয়ে৷ সেই অনুসৰি আজি বিশেষজ্ঞ কমিটীয়ে মুখ্যমন্ত্রী ড০ শর্মাৰ হাতত প্রতিবেদন দাখিল কৰে৷ আজি বিয়লি জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশেষজ্ঞ কমিটীৰ প্রতিবেদনখন তেওঁ এতিয়াও পঢ়া নাই৷ কিন্তু বিশেষজ্ঞ কমিটীয়ে সর্বসন্মতভাৱে ৰায় দিছে– বহুবিবাহ ৰোধৰ ক্ষেত্রত আইন প্রণয়নৰ অধিকাৰ আছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে আইন কৰাটো ক্ষমতাৰ ভিতৰতে আছে৷ অৱশ্যে ৰাজ্য চৰকাৰে এইক্ষেত্রত আইন কৰিলে চূড়ান্ত অনুমোদন ৰাজ্যপালৰ পৰিৱর্তে ৰাষ্ট্রপতিৰ পৰা ল’ব লাগিব বুলি বিশেষজ্ঞ কমিটীয়ে কৈছে৷ তদুপৰি বিয়াৰ বয়সক লৈ মুছলিম আইনত কোনো বয়সৰ উল্লেখ নাই৷ ১৯৩৬ৰ বিবাহ আইনতো বয়সৰ উল্লেখ নাই৷ পকছো আইনক লৈ যাতে কোনো বিতর্কৰ সৃষ্টি নহয় তাৰবাবে ৰাজ্য চৰকাৰে পকছোত থকা দিশসমূহ সন্নিৱিষ্ট কৰি আইনখন অনাৰ বাবেও বিশেষজ্ঞ কমিটীয়ে পৰামর্শ দিছে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চলিত বিত্তীয় বর্ষৰ ভিতৰত অর্থাৎ অহা মার্চ মাহৰ ভিতৰত চৰকাৰে বহুবিবাহ বন্ধৰ আইন অনাটো খাটাং৷ অহা ছেপ্টেম্বৰ মাহত হ’বলগীয়া বিধানসভাৰ অধিৱেশন যিহেতু ৩/৪ দিনীয়াহে হ’ব আৰু বহুবিবাহ বন্ধৰ বাবে আনিবলগীয়া বিধেয়কখন সম্পর্কত বিধায়কসকলক বিতর্ক কৰাৰ বাবে সময় দিব লাগিব, সেয়ে আসন্ন অধিৱেশনত বিধেয়কখন অহাৰ সম্ভাৱনা নাই বুলি ব্যক্ত কৰে৷ বিধেয়কখনৰ ক্ষেত্রত দল–সংগঠনৰ মতামত লোৱাৰ বহুত বেছি প্রয়োজন নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হিন্দু–মুছলমান–বৌদ্ধ সকলো ধর্মাৱলম্বী লোকেই বহুবিবাহ বন্ধৰ পোষকতা কৰিছে৷ চৰকাৰৰ পদক্ষেপক সকলোৱে আদৰণি জনাইছে৷ অৱশ্যে এই সম্পর্কত কেবিনেটে সিদ্ধান্ত ল’ব৷ কেবিনেটে যদি সকলোৰে মতামত ল’ব বিচাৰে, তেতিয়া মতামত লোৱা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ইয়াৰ মাজতে যদিহে ইউনিফর্ম চিভিল ক’ড আহি যায়, তেতিয়াহ’লে বেলেগ কথা৷ কিন্তু ইউনিফর্ম চিভিল ক’ড নাহিলে চলিত বিত্তীয় বর্ষৰ ভিতৰত বহুবিবাহ ৰোধ আইন ৰাজ্যত অহাটো খাটাং৷ মন কৰিবলগীয়া এয়ে যে মহিলাৰ অধিকাৰ ৰক্ষা আৰু মহিলা সবলীকৰণৰ লক্ষ্য আগত ৰাখিয়েই মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যত বহুবিবাহ ৰোধ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ বহুবিবাহ প্রথা বন্ধ হোৱাৰ লগে লগে ৰাজ্যখনত বিশেষকৈ মুছলমান সম্প্রদায়ৰ মহিলাসকলে সবলীকৰণৰ লগতে সামাজিক ন্যায় পাবলৈ সক্ষম হ’ব৷ কিয়নো বহুবিবাহ প্রথা চলি থকাৰ পৰিপ্রেক্ষিতত মহিলাসকলে বহু সময়ত সামাজিক ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ লগতে জীৱনত বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷

You might also like