হত্যা-লুন্ঠন বন্ধ কৰাৰ দাবীত চিৰাঙৰ কাজলগাঁৱত এবছুৰ অস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল: চিৰাং জিলাত সঘনাই সংঘটিত হৈ থকা হত্যা-লুন্ঠন, ডকাইতি আদিৰ দৰে ঘটনা সমূহ বন্ধ কৰাৰ দাবীত আজি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ঢালিগাঁও থানাৰ অন্তৰ্গত কিষাণ বজাৰত সংঘটিত নিৰীহ যুৱকৰ বৰ্বৰ হত্যাকাণ্ড আৰু মালিভিটা,আনন্দ বজাৰত ডকাইতে একাধিক পৰিয়ালত লুটপাত কৰাৰ প্ৰতিবাদ জনোৱাৰ লগতে সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দাবীত জিলা সদৰ কাজলগাঁৱত আজিৰ এই তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। ভুক্তভোগী পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ লগতে ঘটনাৰ সৈতে জৰিত অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰা, হত্যা কাণ্ডৰ উচ্চ স্তৰৰ তদন্ত কৰা, নিহত নিৰীহ যুৱকজনৰ পৰিয়ালক 50 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা,সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা আদি কেবাটাও গুৰুত্বপূৰ্ণ দাবীসম্বলিত এখন স্মাৰক পত্ৰ চৰকাৰ-প্ৰশাসনলৈ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে। উপায়ুক্ত কাৰ্যালয়ৰ কাৰ্যবাহী দণ্ডাধীশ ৰাখীশ্ৰী লেখাৰুৱে জিলা উপায়ুক্তৰ হৈ এবছু নেতৃত্বই প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস