নিয়মীয়া বাৰ্তা, ২২ মে’ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৱ নোৱাৰি বৰাক নৈত মৰণ জাঁপ এগৰাকী ছাত্ৰীৰ ৷ ঘটনাটো কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ গনিৰগ্ৰামত সংঘটিত হৈছে ৷ নদীত ঝাপ দিয়া ছাত্ৰী গৰাকীৰ নাম আচমা বেগম বৰভূঞা ৷ গনিৰগ্ৰাম জে আৰ এইচ স্কুলৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছিল ছাত্ৰীগৰাকী৷ আজি দহ বজাত ফলাফল ঘোষণাৰ পিছত ওৱেবছাইটত নিজৰ নম্বৰ বিচাৰি নাপাই আত্মহত্যাৰ পথ বাছি লৈছিল আচমাই৷ ফলাফলত হতাশ হৈ ওচৰত থকা বৰাক নৈ ত মৰণ জাঁপ দিছে আচমাই ৷ পিছত খৱৰ দিয়া হয় এছডিআৰ এফক। আচমাৰ সন্ধানত বৰাক নৈত সন্ধান অভিযান চলায় তেওঁলোকে ৷ পিছত দুঘন্টামান অভিযান চলাই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফৰ জোৱানে। এই ঘটনাত চাঞ্চল্য বিয়পিছে।
প্ৰেৰক গৌতম তালুকদাৰ