নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত কোচিং ক্লাছলৈ যোৱাৰ পথত দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ: শিলচৰত কালী পূজা আৰু দীপাৱলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই দুখৰ ছাঁ পেলাইছে। শিলচৰৰ উপকণ্ঠ অঞ্চল বেৰেংগাত আজি পুৱা সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত এজন কিশোৰে প্ৰাণ হেৰুৱাই। এখন চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হয়। জানিব পৰা মতে,আজি পুৱা ভাই আৰু ভনীয়েক কোচিং ক্লাছলৈ যোৱাৰ পথত তীব্ৰ বেগত চলাই অহা টাটা পাঞ্চ বাহনখনে ছাত্ৰ গৰাকীক খুন্দা মাৰে। ইয়াৰ ফলতে তেজেৰে লুতুৰী পুতুৰী হৈ ছাত্ৰ গৰাকী মাটিত বাগৰি পৰে। ইয়াৰ পিছতে পথচাৰীয়ে ৰক্তাক্ত অৱস্থাত কিশোৰজনক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয় পোৱাৰ আগতেই কাবুল হোছেইন বৰভূঞা নামৰ ১৩ বছৰীয়া কিশোৰৰ মৃত্যু হয়। জানিব পৰা মতে,দিন হাজিৰা কৰা পিতৃৰ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰ শুনি বহু লোক গোট খায়। স্থানীয় লোকে বাহনখন ভাংচুৰ চলায় আৰু পথ অৱৰোধ কৰি প্ৰতিবাদ জনায়। অৱশ্যে একাংশ স্থানীয় লোকৰ হস্তক্ষেপত গাড়ী চালকজনক অক্ষত অৱস্থাত আৰক্ষী প্ৰশাসনৰ হাতত গতাই দিয়া হয়।স্থানীয় যুবক আজমল হোছেইন লস্কৰে কয় যে , ছাত্ৰজনৰ অভাৱনীয় মৃত্যুক লৈ উত্তেজনাৰ সৃষ্টি হয় যদিও স্থানীয় নেতাসকলৰ অক্লান্ত প্ৰচেষ্টাত উত্তেজনা মাৰ যায়। তেওঁ কয় যে ,পুৰণি লক্ষীপুৰ পথৰ এই পথটোৱেই হৈছে বাদ্ৰী দলংৰ জৰিয়তে কাশীপুৰ আদিৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম। কিন্তু এই পথটোৰ ব্যাস অতি সংকীৰ্ণ। প্ৰতিদিনে পেট্ৰল-ডিজেল কঢ়িয়াই অনা কেইবাখনো টেংকাৰ অসাৱধানতাৰে গতি কৰে। এই পথৰ কাষত কমেও ছয়খন শিক্ষানুষ্ঠান আছে। তদুপৰি বৃহত্তৰ অঞ্চলটোত লাখ লাখ লোক অহা-যোৱা কৰে। সেয়ে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় তেওঁ। তদুপৰি মৃত ছাত্ৰজনৰ পৰিয়াললৈ পৰ্যাপ্ত আৰ্থিক সাহায্যৰ দাবী জনায় তেওঁ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like