নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : টীয়কৰ মুদৈজানত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাকে মহটিয়াই নিলে বিদ্যালয়লৈ যোৱাৰ পথত এগৰাকী ছাত্ৰীক ৷ ফলত থিতাতে নিহত হৈছে ফাৰ্হিনা বেগম (১৩) নামৰ এগৰাকী ছাত্ৰী ৷ টীয়কৰ মুদৈজান চাইনবৰ্ড তিনিআলিৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনা অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তে শিৱসাগৰ অভিমুখী তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিয়ে ছাত্ৰীগৰাকীক ৷ টীয়ক ৰজাবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত আছিল ফাৰ্হিনা বেগম ৷ এই ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত ৷ আনহাতে, স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখে AS-01 DD-1887 নম্বৰৰ ট্ৰাকসহ চালকক ৷ স্থানীয় ৰাইজে বহু সময় ধৰি ঘাইপথতে আবদ্ধ কৰি ৰাখে বাহনখন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত টীয়ক আৰু লাহদৈগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে, উত্তেজিত ৰাইজে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু আৰক্ষীকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷
প্ৰেৰক দিলীপ দত্ত