শিমলুগুৰিৰ ছাত্ৰ গৌতম দিহিঙীয়া সন্ধানহীন
নাজিৰা সমজিলাৰ অন্তৰ্গত শিমলুগুৰি নগৰৰ পৰা এজন ২০ বছৰীয়া ছাত্ৰ সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিবপৰা মতে চৰাইদেউ জিলাৰ সোনাৰি বাঁহবাৰী নিবাসী ইন্দ্ৰজিৎ দিহিঙীয়া আৰু জুনুমণি দিহিঙীয়াৰ পুত্ৰ সৰুৰে পৰা শিমলুগুৰি নগৰৰ মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা অধ্যয়ন কৰা গৌতম দিহিঙীয়া যোৱা ২৭ তাৰিখে সন্ধিয়া মোমায়েকৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পিছদিনালৈকে ওভতি নহাত মোমায়কৰ পৰিয়ালবৰ্গ চিন্তিত হৈ পৰে।
কোনোবা বন্ধুৰ ঘৰলৈ যাও বুলি কৈ পিছদিনালৈকে গৌতম ওভতি নহাত মোমায়েকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান নোপোৱাত উপায়হীন হৈ শিমলুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
শিমলুগুৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও এইমূহুৰ্তলৈকে গৌতমৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত স্বাভাবিকতেই চিন্তিত হৈ পৰিছে যুৱক জনৰ পৰিয়ালবৰ্গ। ছাত্ৰজনৰ কিবা সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী অথবা ৬০০০২৪১৩৫২ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই।
নিয়মীয়া বাৰ্তা, গেলেকী, Date of published : 30 June, 2025