নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত মেট্ৰিকত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা 

নিয়মীয়া বাৰ্তা, ১১ জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাত আজি বিয়লি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সদ্যঘোষিত হাইস্কুল আৰু হাই মাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ অধীনস্থ বালাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত বালাপাৰাৰ ছেদামাৰী প্ৰাথমিক বিদ্যালয়ত  অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভা ।সংগঠনটোৰ বালাপাৰা আঞ্চলিক সমিতিৰ সভাপতি ফাৰুক আব্দুল্লাহৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সদ্য ঘোষিত হাইস্কুল/হাইমাদ্ৰাছা  শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা  অঞ্চলটোৰ  ৩১ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, মানপত্ৰ, কলম আৰু একোটাকৈ গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° আবেদ আলী, মহাত্মা গান্ধী মহাবিদ্যালয়ৰ  এবাদুল হুছেইন, যোগীঘোপা প্ৰেছ ক্লাৱৰ সভাপতি ৰফিকুল ইছলাম, সম্পাদক মনোৱাৰ হুছেইন,ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন মেধী,স্থানীয় শিক্ষক হবিবৰ ৰহমান, মৌলানা নুৰ মহাম্মদ , আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উপসভাপতি আনোৱাৰ হুছেইন ,সাধাৰণ সম্পাদক  ইনামুল হক উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য ভাষণ আগবঢ়ায় ।উক্ত সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থাকে ।ইপিনে কাবাইটাৰী জাতীয় বিদ্যালয়তো এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাবাইটাৰী জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলোক আজি বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ফুলাম গামোচা, জাপি, শৰাইৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like