নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত ধুবুৰীৰ ১০ শিক্ষানুষ্ঠানৰ ১০০ শতাংশ পৰীক্ষাৰ্থী উজলি উঠাৰ বিপৰীতে ১০ শিক্ষানুষ্ঠানৰ ফলাফল ‘০’

নিয়মীয়া বাৰ্তা, ১১ জুনঃ সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত ধুবুৰী জিলাৰ দহখনকৈ শিক্ষানুষ্ঠান এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ উজলি উঠাৰ বিপৰীতে জিলাখনৰ দহখনকৈ শিক্ষানুষ্ঠানৰ এজনো মেট্ৰিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সফল ন’হল। প্ৰাপ্ত তথ্য অনুসৰি, গোলকগঞ্জৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৫০ গৰাকী পৰীক্ষাৰ্থীৰ ৩০ গৰাকী প্ৰথম বিভাগত, ১৮ গৰাকী দ্বিতীয় বিভাগত আৰু ২ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। অৰ্থ্যাৎ, বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ হ’ল এশ শতাংশ। ঠিক অনুৰূপে বিলাসীপাৰাৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৫৫ গৰাকী পৰীক্ষাৰ্থীৰ ৪৩ গৰাকী প্ৰথম বিভাগ আৰু ১২ গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগ পাই উত্তীৰ্ণ হৈছে। কালডোবাৰ শিশু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৪ গৰাকী পৰীক্ষাৰ্থীৰ ৯ গৰাকী প্ৰথম বিভাগ আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে। কাচখানাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱামুঠ ১৯ গৰাকী পৰীক্ষাৰ্থীৰ ৯ গৰাকী প্ৰথম বিভাগত, ৭ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । সত্ৰশাল জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৬১ গৰাকী পৰীক্ষাৰ্থীৰ ৪৮ গৰাকী প্ৰথম বিভাগ আৰু ১৩ গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে। ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২৪ গৰাকী পৰীক্ষাৰ্থীৰ ১৪ গৰাকী প্ৰথম বিভাগত, ৮ গৰাকী দ্বিতীয় বিভাগত আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিহগী জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৩১ গৰাকী পৰীক্ষাৰ্থীৰ ২৭ গৰাকী প্ৰথম বিভাগ আৰু ৪ গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে। ড৹ জাকিৰ হুছেইন একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৯ গৰাকী পৰীক্ষাৰ্থীৰ ৪ গৰাকী প্ৰথম বিভাগত আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ফকিৰগঞ্জৰ শংকৰ আজান জাতীয় বিদ্যালয়ৰ.পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪২ গৰাকী পৰীক্ষাৰ্থীৰ ৩১ গৰাকী প্ৰথম বিভাগ আৰু ১১ গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে। আনহাতে চাপৰ বালাজান হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৩ গৰাকী পৰীক্ষাৰ্থীৰ আটাই কেইগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইপিনে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুবুৰী জিলাৰ ১০খন বিদ্যালয়ৰ এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাই বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, মোহন লাল শোভাশাৰিয়া হিন্দী একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ১৫ গৰাকী পৰীক্ষাৰ্থী, নালিয়া কেদাৰ হাইস্কুলৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হোৱা ১০ গৰাকী, নবজ্যোতি হাইস্কুলৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হোৱা ১০ গৰাকী, কমলা ৰাম বৰুৱা হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী, চিলাৰায় হাইস্কুলৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হোৱা এগৰাকী, সাপটগ্ৰাম হাই মাদ্ৰাছাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা৪১ গৰাকী পৰীক্ষাৰ্থী, চিৰাকুটি গাৰ্লচ হাই মাদ্ৰাছাৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হোৱা ১৪ গৰাকী, গেশবন্ধু স্মৃতি গাৰ্লচ এইচ. ই. বিদ্যাপীঠৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৭ গৰাকী, গোৱৰ্ধন পাৰা আঞ্চলিক এইচ. স্কুলৰ ৫ গৰাকী আৰু আমিনেৰ চৰ হাই মাদ্ৰাছাৰ পৰা মেট্ৰিৰত অৱতীৰ্ণ হোৱা মুঠ ২৮ গৰাকী পৰীক্ষাৰ্থীৰ এজনো উত্তীৰ্ণ হোৱা নাই। আনহাতে কস্তুৰবা গান্ধী বালিকা বিদ্যাপীঠ, চাপৰ—শালকোচাৰ ৩গৰাকী পৰীক্ষাৰ্থীৰ এজনো মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই বুলিয়েই প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like