নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কু-কৰ্মত লিপ্ত থকাৰ অভিযোগত চিচিবৰগাঁৱত আটক ছাত্ৰ নেতা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : ধেমাজিৰ চিচিবৰগাঁৱত ৰাইজৰ ৰোষত পৰিল এগৰাকী ছাত্ৰ নেতা। স্বামী নথকা ঘৰত অসৎ উদ্দেশ্যৰে অনধিকাৰ প্ৰৱেশ কৰি ৰুমত সোমাই থকা অৱস্থাতে ৰাইজে হাতে-লোটে ধৰি গতাই দিয়ে আৰক্ষীক। অভিযোগ অনুসৰি, চিচিবৰগাঁৱৰ এঘৰত কোনো নথকা অৱস্থাত এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল ছাত্ৰ নেতাজনে। চৌখামটিং গাঁও নিৱাসী উৎপল গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। ইতিমধ্যে ছাত্ৰ নেতা উৎপল গগৈক ৰাইজে আটক কৰি নিশাই গাঁওপ্ৰধানৰ সহযোগত গতাই দিয়ে চিচিবৰগাঁও আৰক্ষীক। ভুক্তভোগী মহিলাগৰাকীয়ে উৎপল গগৈৰ বিৰুদ্ধে চিচিবৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। নিজকে স্বয়ম্ভু ছাত্ৰ নেতা বুলি পৰিচয় দি চিচিবৰগাঁও অঞ্চলত পূৰ্বেও উৎপল গগৈ নামৰ যুৱকজনে বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ কৰা বুলি অভিযোগ উত্থাপন  হৈ আহিছিল। ভুক্তভোগী পৰিয়ালৰ লোকে আইনৰ ওচৰত বিচাৰিছে ন্যায়।
You might also like