নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰদূষণমুক্ত দীপাৱলী পালনৰ আহ্বান শিক্ষাৰ্থীৰ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : মৰিয়নিৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে সৰ্বসাধাৰণ ৰাইজক প্ৰদূষণমুক্ত দীপাৱলী পালনৰ বাবে আজি আহ্বান জনায় ৷ আজি বিদ্যালয়ৰ প্ৰাতঃসভাত শিক্ষক- শিক্ষয়িত্ৰীসকলে এই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক বুজাই কোৱাৰ লগতে সকলোধৰণৰ আতচবাজী পৰিহাৰ কৰি পৰম্পৰাগতভাৱে মাটিৰ চাকি জ্বলাই দীপাৱলী উদযাপনৰ আহ্বান জনোৱা হয় ৷ ইয়াৰ পাছতে বিদ্যালয় ছুটীৰ লগে লগে বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত আৰু বিদ্যালয় ইক’ ক্লাবৰ সহযোগত এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই সজাগতা কাৰ্য্যসূচীত ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে হাতত বেনাৰ, প্লে-কাৰ্ড আদি লৈ বিদ্যালয়ৰ সন্মুখত শৃংখলাবদ্ধভাৱে শাৰী পাতি পথচাৰীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে ৷ প্লে-কাৰ্ডত ‘আতচবাজী বৰ্জন কৰক’, ‘দীপাৱলীত প্ৰদূষণ ৰোধ কৰক’, ‘গোলকীয় উষ্ণতা ৰোধত সহযোগ কৰক’, ‘আতচবাজীৰ পৰা হ’ব পৰা দুৰ্ঘটনাৰ পৰা দূৰত থাকক’, ‘আমাৰ সেউজ পৃথিৱীখনক সকলোৱে সুৰক্ষা দিয়ক’ ইত্যাদি আহ্বানেৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ সন্মুখত সজাগতা অভিযান চলায় ৷

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like