নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত টুলুঙা নাৱেৰে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী

নিয়মীয়া বাৰ্তা,  ১৯ আগষ্ট : এখনি টুলুঙা নাৱেই বিদ্যালয়লৈ অহা-যোৱা কৰাৰ একমাত্ৰ সম্বল হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ। বাৰিষা কালছোৱাত দীৰ্ঘদিন এইদৰেই অহা-যোৱা কৰি আহিবলগীয়া হৈছে সেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয়খন গহপুৰ মহকুমাৰ ছয়দুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত। উল্লেখ্য যে সেইখন বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে টুলুঙা নাৱেৰে অহা-যোৱা কৰিব লগা হোৱা অৱস্থাই ৰাজ্য চৰকাৰে কৰা উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে। গহপুৰ  মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে হাতৰ মুঠিত প্ৰাণটো লৈ  টুলুঙা নাৱেৰে শিক্ষাগ্ৰহণ কৰিবলৈ  অহা-যোৱা কৰিব লগা হোৱা ঘটনাই  অসমৰ উন্নয়নৰ দিশটোক লৈ ৰাইজক ভবাই তুলিছে। ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অৰ্ন্তগত কুঁহিমাৰী প্ৰাথমিক বিদ্যালয়খন অসম চৰকাৰে প্ৰাদেশীকৃত কৰে ২০১১ চনত। গহপুৰ বিধানসভা সমষ্টিৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত ৰাঙলীয়াল গাঁও পঞ্চায়তৰ কুঁহিমাৰীত বিদ্যালয়খন অৱস্থিত। দ অঞ্চল বুলি পৰিচিত কঁহিমাৰী বছৰটোৰ বাৰিষা কাল বানপানীত প্ৰায়ে ডুবি থাকে। এজনীয়া শিক্ষকেৰে পৰিচালিত বিদ্যালয়খনৰ ৬৫গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনলৈ অহা-যোৱা কৰিবলৈ নাই পথ, নাই দলং। দ অঞ্চলটোৰ এটা ওখ ভেটিত কুঁহিমাৰী প্ৰাথমিক বিদ্যালয়খন স্থাপিত যদিও মূল পথৰ পৰা বিদ্যালয়খনলৈ যাবলৈ নাই কোনো পথ অথবা দলং। বাৰিষা অহাৰ লগে লগে বিদ্যালয়খন আৰু কুঁহিমাৰী মূল পথৰ মাজৰ অংশটো পানীৰে ভৰি পৰাত যাতায়াত বন্ধ হৈ পৰে। বাৰিষা বিদ্যালয়লৈ যাবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ একমাত্ৰ সাৰথি হয় টুলুঙা নাও। মৰণত শৰণ দি বহু বছৰ ধৰি টুলুঙা নাৱেৰে বিদ্যালয়লৈ অহা-যোৱা কৰি শিক্ষা গ্ৰহণ কৰিব লগা হয় এই বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। বাৰিষা প্ৰায়ে বন্ধ ৰাখিব লগা হয় বিদ্যালয়খন। বিদ্যালয়খনৰ পথ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ পঞ্চায়তৰ প্ৰতিনিধি, স্থানীয় বিধায়কক আবেদন-নিবেদন কৰাৰ পাছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জনপ্ৰতিনিধিয়ে। স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধি তথা শিক্ষা বিভাগে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি শীঘ্ৰে এখন দলং অথবা পথ নিৰ্মাণ কৰি  দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে। পথ-দলং নিৰ্মাণ নকৰিলে টুলুঙা নাৱেৰে অহা-যোৱা কৰি থাকিলে আগন্তুক দিনত কোনো বিপজ্জনক ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে অভিভাৱকসকলে।
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া
You might also like