নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত ছাত্ৰক মাৰপিট

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : আংলং জিলাৰ হাওৰাঘাটৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত নৱম শ্ৰেণীৰ তিনি ছাত্ৰক বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া বিমান বৰাই মাৰপিট কৰি নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনি ছাত্ৰক হাওৰাঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে দুগৰাকী ছাত্ৰক ডিফুলৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায় । বিদ্যালয়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰা সম্পূৰ্ণ নিষেধ যদিও কি ভিত্তিত বিদ্যালয়ৰ ভিতৰত বিমান বৰাই তিনি ছাত্ৰক প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিলে সেই লৈ এক চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ হাওৰাঘাট অঞ্চলত । উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধীনৰ হাওৰাঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক বিমান বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগে আৰু বৰাৰ কৰ্মকাণ্ডই সচকিত কৰিছে বৌদ্ধিক মহলক ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like