নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

নিয়মীয়া বাৰ্তা, ১৬ জুন : সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ খৈৰাবাৰী আঞ্চলিক সমিতিয়ে আজি খৈৰাবাৰীত আয়োজন কৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ। সংগঠনটোৰ খৈৰাবাৰীস্থ কাৰ্যালয়ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৫৬গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। খৈৰাবাৰী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলক বাঙালীৰ স্বাভিমানৰ প্ৰতীক উত্তৰীয়, সম্বৰ্ধনা পত্ৰ ইত্যাদিৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক তথা শিক্ষক অনিল চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক গৌৰাংগ দাসে। সংগঠনটোৰ এসময়ৰ বলিষ্ঠ নেতা তথা বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে অনুষ্ঠানত অংশ লৈ কয় যে কেৱল নিজক প্ৰতিষ্ঠা কৰাই নহয় এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলে পালন কৰিব লাগিব নিজৰ দায়িত্ব। উচ্চ শিক্ষা গ্ৰহণ কৰি সমাজ আৰু দেশৰ এক সম্পদ ৰূপে নিজক প্ৰতিষ্ঠা কৰাৰে লক্ষ্যৰে অধ্যয়নত মনোনিবেশ কৰিবলৈ শিক্ষাৰ্থীসকলক পৰামৰ্শ আগবঢ়ায় প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে। শিক্ষক চঞ্চল দেৱনাথ, ৰবীন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নিৰঞ্জন সেনেও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ওদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক অমৰ দেৱনাথ, শিক্ষক শংকৰ দেৱনাথ, বাবুল দেৱনাথ, সংগঠনটোৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি পল্লৱ তালুকদাৰ, কাৰ্যকৰী সভাপতি তন্ময় দেৱনাথ, সম্পাদক নিৰ্মল দেৱনাথকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like