নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৰাভা জাতীয় সংগঠনৰ

নিয়মীয়া বাৰ্তা, ১৫ জুন : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাভা হাছং এলেকাৰ বৃহত্তৰ বৰদুৱাৰ-ভোলাগাঁও মৌজা দুখনৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰে স্থানীয় কেইবাটাও ৰাভা জাতীয় সংগঠনে ৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিয়ে যৌথভাৱে এই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ লোহাৰঘাটস্থিত আৰছুৰ কাৰ্যালয়ত আয়োজন কৰা সম্বৰ্ধনা সভাখনত পৌৰোহিত্য কৰে আঞ্চলিক আৰছুৰ সভাপতি কমলেশ্বৰ ৰাভাই ৷ তদুপৰি আৰছুৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিকৰ সম্পাদক দীপজ্যোতি বাৰ্চুঙে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক পাৰজাৰ, গছপুলি, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সভাখনত কেন্দ্ৰীয় আৰছু নেতা ড° সুভাষ ৰাভাৰ উপৰি কামৰূপ জিলা আৰছুৰ সাধাৰণ সম্পাদক অশোক নংবাগৰ উপৰি ভাৰতী ৰাভা, বিচিত্ৰ ৰাভা, মাণিক ৰাভা, সুভাষ চিনাল, ৰাজেশ্বৰ ৰাভা, জ্যোতিপ্ৰসাদ চিনাল, সত্যজিত ৰাভা, পূৰ্ণকান্ত ৰাভা, প্ৰাণজিৎ ৰাভা, দেৱজিত ৰাভা, গোবিন্দ ৰাভা, হেমন্ত ৰাভাকে ধৰি নেতা-কৰ্মীসকল উপস্থিত আছিল ৷ ইফালে, জ্যেষ্ঠ নেতাকেইগৰাকীয়ে নিজ নিজ বক্তব্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্য স্থিৰ কৰি গুণগত শিক্ষাৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায় ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like