নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন-বঁটা বিতৰণী সভা

🔹 স্মৃতিগ্ৰন্থ ‘আলোক’ উন্মোচন

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাখন ৩০ নৱেম্বৰত সম্পন্ন হৈ যায়৷ দিনৰ প্ৰায় ১১ বজাত বিদ্যালয়খনৰ মুকলি মঞ্চত বন্তি প্ৰজ্বলন আৰু মঞ্চ মুকলিৰে কাৰ্যসূচী আৰম্ভ হয় ৷ বন্তি প্ৰজ্বলন আৰু মঞ্চ মুকলি কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ অধ্যক্ষ ৰজত চন্দ্ৰ কলিতাই ৷ ইয়াৰ পাছতে সমৱেত সংগীত পৰিৱেশন কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ স্থানীয় ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰপাণি উপাধ্যায়ৰ সভাপতিত্বত আৰু বিদ্যালয়খনৰ শিক্ষক প্ৰদীপ বৰুৱাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে আমন্ত্ৰিত অতিথিসকলক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা পৰ্বৰ পাছত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দ্বাৰা সৰস্বতী বন্দনা আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী মান্যতা শিৱম নাথৰ ইংৰাজীত ভাষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কণমানি ছাত্ৰীগৰাকীৰ সলসলীয়া ইংৰাজী ভাষণে অনুষ্ঠানত উপস্থিত থকা সকলোকে আপ্লুত কৰে ৷ আনহাতে, অংকুৰৰ ছাত্ৰীসকলে ফুলে ফুলে নৃত্য প্ৰদৰ্শনৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষ ৰজত চন্দ্ৰ কলিতাই বক্তব্য আগবঢ়ায় ৷ বিদ্যালয়খনৰ সৰ্বাংগীণ উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীসকলে বছৰি ফলাফলৰ ক্ষেত্ৰত দেখুওৱা আশানুৰূপ বিষয়সমূহৰ ওপৰত মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পাছতে বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ “আলোক“ উন্মোচন কৰে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মণ্টু কলিতাই ৷ অনুষ্ঠানলৈ আমন্ত্ৰিত লুইত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা শোণিতপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক পবিত্ৰ কলিতা, ঠেলামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ যাদৱ নাথ, ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক চন্দ্ৰ দাস আদিয়ে চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান জাতীয় বিদ্যালয়সমূহৰ ফলাফলৰ উত্তৰণৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ অতিথিবৃন্দৰ ভাষণৰ পাছতে ষষ্ঠ, সপ্তম, অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ দিহানাম, নৱম শ্ৰেণীৰ ছাত্ৰী মনীষা লহকৰৰ দশাৱতাৰ, প্ৰাক প্ৰাথমিকৰ ছাত্ৰৰ দলীয় নৃত্য, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ জ্যোতি নৃত্য, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ দলীয় বিহু নৃত্য, অংকুৰৰ ছাত্ৰৰ দলীয় আধুনিক নৃত্য, পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ নেপালী নৃত্য, তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ পাঞ্জাৱী নৃত্য, প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ দলীয় ৰাভা নৃত্য, নৱম শ্ৰেণীৰ ছাত্ৰীৰ দলীয় আধুনিক মূলাগাভৰু নৃত্য আৰু ইয়াৰ পাছতে অনুষ্ঠিত হয় বিদ্যালয়খনৰ ২০২৩-২৪ বৰ্ষৰ বছৰেকীয়া পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ ৷ অধ্যক্ষ ৰজত চন্দ্ৰ কলিতাৰ দ্বাৰা শলাগৰ শৰাই আৰু একেবাৰে শেষত অসম সংগীতেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৷ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠানত ওপৰত উল্লেখিত বিশিষ্ট ব্যক্তিসকলৰ উপৰি মিছামাৰী মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সম্পাদক লক্ষণ কুমাৰ দাস, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শান্তনু তালুকদাৰ, জ্যেষ্ঠ সহায়ক আব্দুল ৰেজেক, পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী সাবিত্ৰী কন্ধ, মিছামাৰী শাখা সাহিত্য সভাৰ সম্পাদক ডিম্বেশ্বৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক দ্বীপ চৰণ দাস, শিক্ষক তোলন চন্দ্ৰ নাথ, যুৱ সমাজকৰ্মী হৰেণ বৈশ্য, হৰ কুমাৰ ভট্ট, প্ৰবীণ কলিতা আদি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ৷ স্মৰ্তব্য যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী উপলক্ষে আয়োজিত অনুষ্ঠানত আধুনিক, জাতি-জনগোষ্ঠী আৰু থলুৱা নৃত্য-গীত পৰিৱেশন কৰি উপস্থিত ৰাইজ আৰু অতিথিবৃন্দক বাৰুকৈয়ে আপ্লুত কৰে ৷

প্ৰেৰক বগা তপ্ন

You might also like