নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিৰুবালা ৰাভালৈ শ্ৰদ্ধাঞ্জলি-কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ কামৰূপ-গোৱালপাৰাৰ সীমামূৰীয়া হেকৰা মিলনপুৰ বজাৰ সমিতিৰ উদ্যোগত আজি অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীলৈ সম্বৰ্ধনা আৰু সদ্যপ্ৰয়াত মহীয়সী ড° বিৰুবালা ৰাভালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়|২০২৩-২৪ বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ১৬গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় এই অনুষ্ঠানত। হেকৰাৰ মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ কাৰ্যালয় প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই কাৰ্যসূচী। সভাৰ আৰম্ভণিতে প্ৰয়াত ড° বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নীলকান্ত কম্বৰে শ্ৰদ্ধা নিৱেদন কৰাৰ পাছৰে পৰা উপস্থিত সকলোৱে মহীয়সী ড° ৰাভালৈ শ্ৰদ্ধাঞ্জলি যাঁচে। বিশিষ্ট সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মনোমোহন নাথৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সম্পাদক হৰিদাস বিশ্বাসে আৰু সম্বৰ্ধনা পত্ৰ পাঠ কৰে বজাৰ সমিতিৰ সহকাৰী সম্পাদক নিৰঞ্জন ঠাকুৰীয়াই। পৰৱৰ্তী সময়ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ১৬গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, কিতাপ আৰু উদগনিমূলক নগদ ধনেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে হেকৰা উঃ মাঃ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গনেশ্বৰ চহৰীয়া , মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ গগৈ, মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি উমেশ চন্দ্ৰ মেধিৰ লগতে বহু বিশিষ্ট ব্যক্তিও আজিৰ এই কাৰ্যসূচীত অংশ লয়। সভাত দুয়োগৰাকী আমন্ত্ৰিত বক্তাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি বহুমূলীয়া পৰামৰ্শ আগবঢ়াই উজ্জল ভৱিষ্যতৰ কামনা কৰে। শেষত বজাৰ উন্নয়ন সমিতিৰ সদস্য নৱ কুমাৰ বিশ্বাসে শলাগৰ শৰাই আগবঢ়ায় আৰু তাৰ পাছতেই সভা ভঙ্গ ঘোষণা কৰে সভাপতিয়ে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like