নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদ ভৱনৰ গান্ধী জয়ন্তীৰ অনুষ্ঠানলৈ আমন্ত্ৰিত আমগুৰিৰ ছাত্ৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি দেওৰজা আভয়পুৰীয়া গাঁৱৰ এজন কিশোৰ । নৃত্য, গীত, বাদ্যযন্ত্ৰ আদি সকলোতে পাৰ্গত কিশোৰজন । স্থানীয় তথা ৰাজ্যিক পৰ্যায়ৰ উপৰি কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত ইতিমধ্যে লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে ভাৰ্গৱ শইকীয়া নামৰ কিশোৰগৰাকীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানতো যোগদান কৰি ইতিমধ্যে কৃতিত্ব অৰ্জন কৰিছে কিশোৰজনে । আমগুৰি দেওৰজা আভয়পুৰীয়া গাঁৱৰ ৰুবুল শইকীয়া আৰু মামণি কলিতা শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ তথা দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ভাৰ্গৱ শইকীয়াই ২ অক্টোবৰত সংসদ ভৱনত আয়োজিত গান্ধী জয়ন্তীৰ অনুষ্ঠানত “মহামানৱ মহাত্মা গান্ধী” শীৰ্ষক বক্তৃতা প্ৰদান কৰিবলৈ NCERTৰ দ্বাৰা আমন্ত্ৰিত হৈছে । দেশৰ মুঠ ২৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আছে অসমৰ দুজন । এজন যোৰহাটৰ পৰিমল প্ৰসাদ বৰা আৰু আনজন আমগুৰিৰ ভাৰ্গৱ শইকীয়া । এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰি ভাৰ্গৱৰ পৰিয়াল উৎফুল্লিত হোৱাৰ লগতে অঞ্চলবাসী ৰাইজৰ লগতে তেওঁৰ শিক্ষাগুৰুসকলেও গৌৰৱ অনুভৱ কৰিছে।
প্ৰেৰক দেৱানন্দ কলিতা
You might also like