নিয়মীয়া বাৰ্তা, ৩০ জুন : এফালে মনত শিক্ষাগ্ৰহণৰ দুৰন্ত হেঁপাহ, আনফালে বিদ্যালয়লৈ যাবলৈও বিপদসংকুল যাত্ৰা। তথাপি পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় এজাক শিশু। উদ্দেশ্য এটাই- পঢ়ি-শুনি এজন ভাল মানুহ হোৱা। ঢকুৱাখনা সমষ্টিৰ মৰনৈ পঞ্চায়তৰ ভেটতলী-লেচেৰা আদি গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ এই দুৰৱস্থা। বৃহত্তৰ অঞ্চলটোৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণৰ বাবে নিজেই টুলুঙা নাও বাই বাই উপস্থিত হয়হি বিদ্যালয়ত। এফালে পিঠিত কিতাপৰ বোজা, আনফালে খৰস্ৰোতা কঢ়া নৈ। দলঙৰ অভাৱত হাতৰ মুঠিত জীউটো বান্ধি লৈ এইদৰেই পাৰাপাৰ হবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজ। যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ানক দুৰ্ঘটনা। নদী পাৰ হবলৈ নাই সাঁকো অথবা দলং। পঞ্চায়তখনৰ বাসুদেৱ থান বাটচ’ৰাৰ পৰা ভেটতলী সংযোগী পথৰ কঢ়া নৈৰ ওপৰত দলঙৰ অভাৱত বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে। নৈত পানী বাঢ়িলেই বন্ধ হৈ পৰে নাও।বাধাগ্ৰস্ত হৈ পৰে কণ কণ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱন। উল্লেখ্য যে খৰালি সময়ত স্থানীয় ৰাইজে প্ৰতিবছৰে গাঁঠিৰ ধন ভাঙি নৈখনৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি লয় যদিও বাৰিষা আহিলেই কঢ়া নৈৰ প্ৰবল সোঁতে উটুৱাই নিয়ে বাঁহৰ দলংখন। তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ নামত সন্মুখীন হয় নৰক যন্ত্ৰণাৰ। অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰী পাঠদানৰ বাবে কঢ়া নৈৰ বুকু ভেদি অতি বিপদসংকুলভাৱে শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাটচৰামুখ এম ই স্কুললৈ যাবলগীয়া হয়। বিগত সময়ছোৱাত নাও দুৰ্ঘটনাত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰতি মুহূৰ্ততে দুশ্চিন্তাত সময় পাৰ কৰিব লাগে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও। ইমানৰ পিছতো খবৰ নাই চৰকাৰ তথা প্ৰশাসনৰ ৷ বিজেপিৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেই ২০১১ চনৰ পৰাই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটোত উপস্থিত হৈ এখন দলং নিৰ্মাণৰ আশ্বাস দিয়ে যদিও সেই আশ্বাস আজিকোপতি আশ্বাস হৈয়ে ৰল ৷ চৰকাৰ পৰিৱৰ্তন হলেও সাধাৰণ জনতাৰ এনেকুৱা জ্বলন্ত সমস্যাৰ আজিলৈকে একো পৰিবৰ্তন আনিব পৰা নাই বুলিও মন্তব্য কৰে ভুক্তভোগী ৰাইজে। অনতিপলমে বাসুদেৱ থান বাটচ’ৰাৰ পৰা ভেটতলী সংযোগী পথৰ কঢ়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ লগতে শিক্ষাগুৰুসকলে।
প্রেৰক পুলকজ্যোতি বৰা