নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিত্যানন্দত শংকৰদেৱ শিশু নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

🔹 নিকেতনলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ৫ লাখ টকাৰ অনুদান

নিয়মীয়া বাৰ্তা, ৮ জুন : “ছাত্ৰ-ছাত্ৰীৰ জীৱনত অসম্ভৱ বুলি একো থাকিব নালাগে৷ অসম্ভৱৰ মাজতে লুকাই থাকে জীৱনৰ ছন্দ৷ গতিকে এই অসম্ভৱখিনিক মন্থন কৰিলেই আমি সম্ভাৱনা বিচাৰি পাওঁ৷”- উক্ত মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ ৷ আজি বজালী জিলাৰ নিত্যানন্দস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২০২৩-২৪ শিক্ষাবৰ্ষত হাইস্কুল শিক্ষন্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ বাবে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃতী ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত তেওঁলোকে যাতে আৰু অধিক সফলতা লাভ কৰে, তাৰ বাবে শুভাশিস প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে নতুন চামকো অগ্ৰজসকলক অনুসৰণ কৰি একাগ্ৰতা আৰু অধ্যৱসায়ক মূলমন্ত্ৰ হিচাপে লৈ সুখ্যাতিৰ উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ গুণ-গৰিমা বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° সোণেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত তথা প্ৰধান আচাৰ্য্যা বন্দনা দেৱী চৌধুৰী আৰু উপ-প্ৰধান আচাৰ্য পৰাগ শৰ্মাই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী দাসে নিকেতনলৈ পূৰ্বে আগবঢ়োৱা ১২ লাখ টকাৰ লগতে পুনৰ ৫ লাখ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে আৰু শিক্ষানুষ্ঠানখনৰ কৃতী ছাত্ৰ বিশাল দাসক পঢ়া জীৱনৰ শেষ পৰ্যায়লৈ প্ৰতিমাহে তিনি হাজাৰকৈ টকা প্ৰদান কৰা হ’ব ঘোষণা কৰে৷ আনহাতে, বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা ৪১গৰাকী ছাত্ৰ-ছাত্ৰীক কনক চন্দ্ৰ কলিতা আৰু অকণি কলিতা স্মৃতিৰক্ষা সমিতিৰ হৈ সোণেশ্বৰ কলিতা আৰু ললিতা কলিতাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে অভিনন্দন পত্ৰ আৰু ফুলাম গামোচাৰে আদৰণি জনায়৷ আনহাতে, ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.৬ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ বিশাল কলিতাক উপেন্দ্ৰ নাথ দত্ত আৰু লাৱণ্য দত্ত বঁটাৰ লগতে গামোচা, মানপত্ৰ আৰু নগদ ৫০০০ টকা প্ৰদান কৰে দত্ত দম্পতীৰ পুত্ৰ ৰঞ্জিত দত্তই৷ তদুপৰি অসমীয়া বিষয়ত বজালী জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুই শিক্ষাৰ্থী ক্ৰমে বিশাল দাস আৰু বিউটীমণি বেগমক পাঠশালা সাহিত্য সভাই নগদ ধন আৰু মানপত্ৰৰে গোলকেশ্বৰ গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰে৷ আজিৰ এই অনুষ্ঠানত নৰ্থ কামৰূপ কলেজৰ অৱসৰী সহযোগী অধ্যাপক পংকজ কুমাক দাস, পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, সম্পাদক অতুল কলিতা, প্ৰাক্তন সভাপতি প্ৰবোধ চন্দ্ৰ শৰ্মা, পাঠশালা প্ৰেছ ক্লাবৰ উপদেষ্টা কৈলাস চৌধুৰী, বিশিষ্ট নাগৰিক ফুকন পাঠক, কৰুণাকান্ত বৰ্মন, মহানন্দ নাথ, ৰাজীৱ দেৱ চৌধুৰী, ভূপেন খাটনিয়াৰ, ভূপেন বৰ্মন সমন্বিতে কেইবাগৰাকী লোক উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like