চৰকাৰী বিদ্যালয়লৈ ধাউতি, নুমলীগড় উচ্চতৰ মাধ্যমিকত নামভৰ্ত্তিৰ ভিৰ, বিমোৰত বিদ্যালয় কৰ্তৃপক্ষ
নিয়মীয়া বার্তা, মহুৰামুখ, ২৪ মাৰ্চঃ যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্রতি মানুহৰ অনিহা তথা আধুনিকতাৰ ধামখুমীয়াত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে এক অঘোষিত প্রতিযোগিতা চলিছে, তেনে সময়তে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা গ’ল এক বিপৰীত ছবি। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত নিজৰ সন্তানক নামভৰ্তি কৰিবৰ বাবে অভিভাৱক তথা ছাত্র-ছাত্রীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। ইতিমধ্যে নতুনকৈ ষষ্ঠ আৰু নৱম শ্রেণীত নামভৰ্তিৰ বাবে চাৰি শতাধিক ছাত্র-ছাত্রীয়ে আবেদন কৰাৰ ভিতৰত ষষ্ঠ শ্ৰেণীৰ বাবে ২৫০ জন ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তিৰ লিখিত পৰীক্ষাত অবতীৰ্ণ হয়। ছাত্ৰ-ছাত্ৰীৰ এনে ভিৰ দেখি বিমোৰত পৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেন শইকীয়া। কিয়নো বিদ্যালয়খনত বর্তমানে থকা ১৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীযে পাঠদান কৰিব লগা হৈছে। ফলত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক লৈ শ্ৰেণীকোঠাৰ কোনো অসুবিধা নাই যদিও পর্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ সাম্প্রতিক পৰিৱেশ হয়তো ৰাজ্যখনৰ ভিতৰতে বিৰল। শিক্ষক শিক্ষয়িত্রী, পৰিচালনা সমিতি তথা অভিভাৱকবৰ্গৰ একত্রিত প্রয়াসে বিদ্যালয়খনক চৰকাৰী বিদ্যালয় হ’লেও এক উচ্চ শিখৰত উপনীত কৰাইছে বুলি চৌদিশে চৰ্চা চলিছে। বিদ্যালয়খনত শিক্ষাৰ লগতে ফুটবল, ক্রিকেট, কাবাডীকে আদি কৰি বিভিন্ন ধৰণৰ খেল, সাংস্কৃতিক ক্ষেত্ৰত নৃত্য-গীত, সাহিত চৰ্চাৰ ক্ষেত্ৰত বছৰেকীয়া আলোচনী, প্ৰাচীৰ পত্ৰিকা ইত্যাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, সাংস্কৃতিক তথা ক্রীড়া ক্ষেত্ৰত উন্নতি সাধনৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। অত্যাধুনিক ডিজিটেল সেৱা, কলা-কৃষ্টিৰ কুটীৰ নামৰ এটি সংগ্ৰহালয়কে আদি কৰি বিদ্যালয়ত সংযোজিত হৈ আছে চিচি টিভি। ইয়াৰ উপৰি বিদ্যালয়খনৰ পৰিৱেশ সুস্থ আৰু সুন্দৰ হোৱাৰ বাবে ২০১৯ বৰ্ষৰ গ্রীণ এৱার্ড লাভ কৰিবলৈ সক্ষম হয়। ইপিনে বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ‘নুমলী’ বিগত ২০০২ চনৰ পৰা অবিৰতভাৱে প্ৰকাশ পাই আহিছে আৰু এই সময়ছোৱাত আলোচনীখনে কেইবা ঠাইতো বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজে নিজা সন্তানক নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি এজন মানুহ হিচাবে গঢ় দিয়াৰ সপোন ৰচিছে।