বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত দিনজোৰাকৈ এখন প্ৰদৰ্শনী আৰু বিপণন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীটোত বিভাগীয় ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত প্ৰায় ৭৫জন ছাত্ৰ- ছাত্ৰী, মুঠ ১৩টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত আত্মসহায়ক গোটসমূহে তেওঁলোকৰ সৃষ্টিশীল কৰ্মৰাজিৰে প্ৰস্তুত কৰা বিভিন্ন হস্তশিল্পজাত সামগ্ৰী, চিত্ৰ, পৰম্পৰাগত খাদ্যবস্তু প্ৰদৰ্শন তথা বিক্ৰী কৰে। বৰ্তমান সময়ত নিবনুৱা সমস্যাৰ দ্বাৰা সমাজ ভাৰাক্ৰান্ত হোৱাৰ সময়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্যমিতা বিকাশৰ লক্ষ্যৰে আয়োজন কৰা প্ৰদৰ্শনী আৰু বিপণন কাৰ্য্যসূচীটো উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপধ্যক্ষা ড° চম্পা চৌধুৰীয়ে। ইয়াৰ প্ৰাকমুহূৰ্তত আদৰণী ভাষণ ৰাখে ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড° দীপালী বৰুৱাই। ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ড° জ্যোতিপ্ৰসাদ দাসৰ তত্ত্বাৱধানত ৰূপায়িত কাৰ্য্যসূচীটিয়ে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বনিৰ্ভৰশীল হোৱাৰ এক ইতিবাচক মানসিকতাৰ অংকুৰণ ঘটাব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে। তদুপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক এনেধৰণৰ কাৰ্য্যসূচী ভৱিষ্যতেও আগবঢ়াই নিবলৈ উৎসাহ যোগায়।