নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ম শ্ৰেণীলৈকে কোনো বিদ্যালয়ে পাঠদান কৰিব নোৱাৰিব ইংৰাজী ভাষাতঃ হিমন্ত বিশ্ব শৰ্মা

৬ষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ হ'ব ইংৰাজী মাধ্যম

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে National Education Policy,২০২০ৰ মতে ৫ম শ্ৰেণীলৈ মাতৃভাষাত অধ্যয়ণ কৰাটো বাধ্যতামূলক। স্বাধীনতা দিৱসৰ দিনা মৰিগাঁৱত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহেও ৫ম শ্ৰেণীলৈকে অসমীয়া তথা আঞ্চলিক ভাষাত পঢ়াব লাগিব। ষষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ হ’ব ইংৰাজী মাধ্যম। সকলোৱে মাতৃভাষা অথবা আঞ্চলিক ভাষাত পঢ়িব লাগিব। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহেও তিৱা, ৰাভা, মিছিং সকলো ভাষাতে পঢ়াব লাগিব বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like