নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চভূতত বিলীন আৰক্ষী উপ-পৰিদৰ্শক অৰ্চনা দেৱী

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : গুণমুগ্ধ শুভাকাংক্ষীয়ে অশ্ৰুসিক্ত নয়নেৰে জ্ঞাপন কৰা অন্তিম শ্ৰদ্ধাৰ মাজেদিয়েই কোনোদিনে উভতি নহা বাটেৰে গুছি গ’ল অসম আৰক্ষীৰ উপপৰিদৰ্শক ছিপাঝাৰৰ অৰ্চনা দেৱী। আৰক্ষীত চাকৰি কৰাৰ শৈশৱৰ সপোন পৰৱৰ্তী হোৱাৰ পিছত আজিৰ পৰা তিনিবছৰ পূৰ্বে হাহি হাহি ওলাই যোৱা ‘এছ আই অৰ্চনা’ আজি উভতি আহিছে বগা কাপোৰৰ তলত শুই। সকলো সময়তে খেলা ধূলা হাহি তামছাৰে পাৰ কৰা সকলোৰে আদৰৰ সকলোৰে মৰমৰ অৰ্চনা আজি শুই আছে নিশ্চুপ হৈ।কোনোদিনে যে  আৰু সাৰ নাপাব। সেই বেদনাই যেন দহিছে সকলোকে।যাৰ বাবে‌ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নশ্বৰ দেহ ছিপাঝাৰৰ সাতঘৰীয়া-মাজচুবালৈ অনাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ। বিধৱা মাতৃ, দূগৰাকীকৈ জ্যেষ্ঠা ভগ্নী আৰু একমাত্ৰ ভ্ৰাতৃ সমন্বিতে পৰিয়াল, আত‌্মীয় স্বজন তথা শুভাকাংক্ষী সকলো শোকত ভাগি পৰে। মাজ চুবা বাসী ৰাইজে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোঁৰাবান্ধাৰ পৰা শোকসমদলেৰে স্বগৃহলৈ অনাৰ পথত স্থানীয় নামঘৰ প্ৰাংগনত ৰাজহুৱা শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। স্থানীয় খণ্ড আয়ুক্ত হেৰেম্ব শ‌ইকীয়া, শিক্ষক গজেন বড়া, অৱসৰী কৰ্মচাৰী খৰ্গেশ্বৰ নাথ প্ৰমুখ্যে গাওঁ উন্নয়ন সমিতি আৰু বহ্নিমান সংঘ‌ই উদ্যোগ লোৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়েও শ্ৰদ্ধা নিবেদন কৰি দক্ষতাৰে সেৱা আগবঢ়োৱা আৰক্ষী বিষয়াগৰাকীৰ এই অকাল মৃত্যু এক অপুৰণীয় ক্ষতি আখ্যা দিয়ে। ইয়াৰ পিছতে স্বগৃহলৈ নিয়া হয় নশ্বৰ দেহ। মাতৃ ভুমিতা দেৱীয়ে হিয়া ভগা কান্দোনৰ মাজেদিয়েই কনিষ্ঠ জীয়ৰীক শেষ বিদায় দিয়া দৃশ্য আছিল অতি বেদনাদায়ক। কাৰণ আজিৰ পৰা তিনি বছৰ পূৰ্বে স্বামীও হাহি মাতি ঘৰৰ পৰা ওলাই গৈ এটা নশ্বৰ দেহ হৈ উভতিছিল। এটা পথ দূৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল অৰ্চনাৰ পিতৃ অৱসৰী শিক্ষক যোগেন্দ্ৰ নাথে। সেয়ে কোনোৱে যেন সাহস দিয়াৰ ভাষা বিচাৰি পোৱা নাছিল অৰ্চনাৰ দুখুনী মাতৃক। ইফালে গুৱাহাটীৰ পৰাই সংগ দিয়া অৰ্চনাৰ সহকৰ্মী তথা দৰঙৰ আৰক্ষী অধীক্ষক প্ৰমুখ্যে ভিন্নগৰাকীয়ে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত মৃতদেহ নিয়া হয় অন্ত্যেষ্টিক্ৰিয়াৰ বাবে। শ্মশানত সেই একেই পৰিবেশ। বিৰ দি বাট নোপোৱা এটা পৰিবেশ। অৰ্চনাই অধ্যয়ন কৰা ছিপাঝাৰ বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, ছিপাঝাৰ বি জে বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে পি ডি একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়েও শ্ৰদ্ধা জ্ঞাপন কৰে এসময়ৰ মেধাৱী ছাত্ৰীগৰাকীক। উল্লেখযোগ্য যে ছাত্ৰী অৱস্থাত প্ৰচুৰ মেধা সম্পন্ন আছিল অৰ্চনা। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল প্ৰথম শ্ৰেণীতেই। ইমানখিনি উচ্চ শিক্ষিত হোৱাৰ পিছতো আৰক্ষী সেৱাৰ প্ৰতি থকা হেঁপাহৰ বাবেই অৱতীৰ্ণ হৈছিল নিযুক্তি প্ৰক্ৰিয়াত আৰু প্ৰথমটো ঢাপতে উত্তীৰ্ণ হৈছিল অৰ্চনা।কেৱল অধ্যয়নতেই নহয় খেলা ধূলাতো সমানেই আগৰণুৱা আছিল।আনকি ছোৱালী হৈ জন্ম ললেও কোনো দিনে নিজকে দূৰ‌্বল বুলি ভবা নাছিল।লৰাই খেলি ভালপোৱা খেলৰ প্ৰতি বেছি আকৰ্ষিত আছিল। আনকি সৰুৰে পৰা সাজপোছাকতো ল’ৰাৰ পোছাক বেছি পছন্দৰ আছিল। আনহাতে কৃষ্টি সংস্কৃতিৰ প্ৰতিও আগ্ৰহ আছিল অৰ্চনাৰ। এক কথাত এগৰাকী সৰবৰহী আৰু সকলো ফালৰ পৰাই আগৰণুৱা যুৱতী আছিল অৰ্চনা। আৰক্ষী বিভাগতো নিচেই কম সময়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি সকলোৰে প্ৰিয় ভাজন হ’ব পাৰিছিল।আজি অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়েও প্ৰকাশ কৰিছিল অৰ্চনাৰ সেৱাৰ প্ৰতি থকা আগ্ৰহৰ কথা। কিন্তু ইমান সম্ভাৱনা থকা এগৰাকী যূৱতীয়ে যেন মাত্ৰ একুৰি সাত বছৰ বয়সতে নিষ্ঠুৰ নিয়তিৰ আহ্বান মানি সামৰিব লগা হল জীৱন পৰিক্ৰমাৰ। আজি গুণমুগ্ধৰ উপস্থিতিয়ে প্ৰমাণ কৰি তুলিলে কিমান জনপ্ৰিয় আছিল অৰ্চনা। মাজচুবা বাসী প্ৰতিগৰাকী লোকেই আজি স্বীকাৰ কৰিছে অৰ্চনা সচাই এটি ভোটা তৰাই আছিল। ভৱিষ্যতে কেৱল আৰক্ষী বিভাগৰে নহয় সমগ্ৰ অঞ্চলটোৰো যে নাম উজ্বলালে হেঁতেন সেয়া আজি অকপটে ব‌্যক্ত কৰে আৰক্ষী বিভাগ আৰু গাঁওৰ কেইবাগৰাকীও গুণমুগ্ধ‌ই। কিন্তু নিয়তিৰ বিধান মানিয়েই আজি পঞ্ছভুতত বিলীন হৈ গ’ল সকলোৰে মৰমৰ -আদৰৰ অৰ্চনা।যেন এটা উঠি অহা সম্ভাৱনা মৰহি গ’ল অকালতে। উল্লেখযোগ্য যে ভঙাগড় থানাৰ উপপৰিদৰ্শক অৰ্চনা দেৱীয়ে সহকৰ্মীৰ সৈতে ৮ অক্টোবৰত পেট্ৰলিঙলৈ যাওতে সোণাপুৰত এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল। গুৰুতৰ ভাবে আহত হৈ বিগত তেৰটা দিন ধৰি চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে সতে যূজি অৱশেষত কালি মৃত্যু হৈছিল আৰু কালিয়েই আৰক্ষী বিভাগে বিভাগীয় শ্ৰদ্ধা নিবেদন কৰাৰ পিছত আজি পুৱা নশ্বৰ দেহ অনা হৈছিল স্বগৃহলৈ।
প্ৰেৰক ৰণজিত কুমাৰ নাথ
You might also like