নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ খহিল সোৱণশিৰি নদীবান্ধৰ পকী গার্ড ৱাল

নিয়মীয়া বাৰ্তা ১০ জুনঃ পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ গার্ড ৱাল খহিল৷ ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিছে এন এইচ পি চিৰ মিথ্যাচাৰ৷ কিছুদিন পূর্বে হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত প্রকল্পটোৰ এখন পকী গার্ড ৱাল খহি যোৱাৰ পাছতে মঙলবাৰে পুনৰ এখন প্রকাণ্ড গার্ড ৱাল খহি যোৱাত গোগামুখ অঞ্চলৰ বিভিন্ন দল–সংগঠনৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ শংকিত হৈ পৰিছে ধেমাজিবাসী৷ জানিব পৰা মতে, পূর্বতে খহা অংশৰ কাষতে চপৰাচপৰে খহিছে নৈৰ গৰা আৰু এখন গার্ড ৱাল৷ বিভিন্ন দল–সংগঠনে প্রতিবাদ কৰি অহাৰ পাছতো এন এইচ পি চি কর্তৃপক্ষই নিজ খেয়াল–খুচি মতে ত্রুটিপূর্ণভাৱে নির্মাণকার্য চলাই অহাৰ বাবেই গার্ড ৱাল খহি নামনিবাসীক ভয়াৱহ সংকটলৈ ঠেলি দিছে৷ ইফালে, বিভিন্ন দল–সংগঠনৰ প্রতিবাদৰ পাছতো দল–সংগঠনসমূহ প্রতিবাদক ভেঙুচালি কৰি নির্মাণকার্য চলাই অহাত আছুকে ধৰি বিভিন্ন দল–সংগঠন ক্ষুব্ধ হৈ পৰিছে।

You might also like