সোৱনশিৰি ৰাজহ চক্ৰৰ কোৱাৰেন্টাইন শিবিৰতঃ আজি সন্ধিয়ালৈকে ৩৬ জন যুৱকৰ কোৱাৰেন্টাইন
নিয়মীয়া বাৰ্তা ২৭ মেঃ ঘিলামৰাৰ সোৱনশিৰি ৰাজহ চক্ৰত আওতাত পৰা কোৱাৰেন্টাইন শিবিৰত মুঠ ৩৬জন বহি ৰাজ্যৰ পৰা অহা ব্যক্তিক আশ্ৰয় প্ৰদান কৰা হৈছে । সোৱনশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বমন, আৰু কোৱাৰেন্টাইন কেন্দ্ৰ মূখ্য দ্বায়িত্ববাহী বিষয়া ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কাৰ্যবাহী অভিযন্তা দিব্য জোতি দুৱাৰাই সাংবাদিক জনাবলৈ দিয়া অনুসৰি ঘিলামৰা নথ বেঙ্ক কলেজত ২৬ মেত ১০ গৰাকী আৰু আজি সন্ধিয়া ৭ বজালৈ ২৬ গৰাকীক’লৈ বৰ্তমানে মুঠ ৩৬ গৰাকীক প্ৰয়োজনীয় সা-সুবিধাসমূহ ৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ আৰু পৰামৰ্শৰ প্ৰদান কৰা হৈছে ।আনহাতে ঘিলামাৰা মৰা সামূহিক চিকিৎসালয় জেষ্ঠ চিকিৎসাৰ ডাঃধীৰেন শইকীয়া , ঢকুৱাখনা খনা মহকুমা অসামৰিক যোগান বিভাগৰ খাদ্য পৰিদৰ্শন চাউ উইন ৱেনকেন , ঘিলামৰা বিদুৎত বিভাগৰ কমচাৰীৰ লগতে ঘিলামৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কমচাৰীৰ কৃষ্ণ চেত্ৰী ৰাজহ চক্ৰ কাযালয়ৰ অন্তৰ্গত কেইজনো লাট মণ্ডল-,নথ বেঙ্ক কলেজ , ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কমচাৰীয়ে এই কোৱাৰেন্টাইন কেন্দ্ৰত সেৱা আগবঢ়াইছে।
উল্লেখযোগ্য যে ঘিলামৰা নথ বেঙ্ক কলেজত স্থাপন কৰা ৭৫ খন বিচনাৰে সম্পূৰ্ণ কৰি তোলা হৈছে আৰু এই কোৱাৰেন্টাইন কেন্দ্ৰত বহিঃৰাজ্যৰ মুম্বাই, গোৱা, চেন্নাই, মহাৰাষ্ট্ৰ, দিল্লী পৰা অহা লখিমপুৰৰ জিলাৰ বিহপুৰীয়া, ধলপুৰ, লালুক, বগীনদী ,ঢকুৱাখনাৰ বিভিন্ন ঠাইৰ যুৱকে অধিক বুলি জানিব পৰা গৈছে । আনহাতে প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই কেন্দ্ৰ পৰা দহ গৰাকী যুবকৰ পৰা প্ৰয়োজনীয পৰীক্ষা বাবে লেলাৱতী সংগ্ৰহ কৰি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে আজি এই কোৱাৰেন্টাইন কেন্দ্ৰ টিত বহিঃৰাজ্য পৰা অহা যুৱকৰ ভৰ্তিক লৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছে ।