নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎপাদন আৰু আয়ৰ উৎস বৃদ্ধিৰ বাবে বিষয়াসকলে চিন্তা কৰিব লাগিবঃ মন্ত্ৰী বিমল বৰা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বজালীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত জিলাখনৰ সকলো বিভাগৰ বিভাগীয় মুৰব্বী, বিষয়া আৰু কৰ্মচাৰীয়ে এক মহৎ উদ্দেশ্যৰে কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হৈছে৷ জিলাৰখনৰ উন্নয়নক সকলোৱে এক মিছন হিচাপে গণ্য কৰিছে৷ চৰকাৰী আঁচনিৰ দ্বাৰা জিলাখনৰ জনসাধাৰণ যাতে পূৰ্ণ শতাংশই উপকৃত হয় এই লক্ষ্যৰে উপায়ুক্তগৰাকীয়ে মিছন আগবঢ়াই নিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা সকলো নিৰ্দেশনা উপায়ুক্তগৰাকীয়ে পাৰ্যমানে কাৰ্যত ৰূপায়ণ কৰিছে৷ আমি জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত জিলাখনৰ কৰ্ম সংস্কৃতিৰ ৰূপৰেখা পৰিবৰ্তন প্ৰত্যক্ষ কৰিছো৷ এয়া আমাৰ বাবে শুভ সংবাদ৷ এতিয়া আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে বজালী জিলাক ব্যতিক্ৰমী ৰূপত সজাব লাগিব৷” এই মন্তব্য বজালী জিলাৰ অভিভাৱক মন্ত্ৰী তথা শক্তি মন্ত্ৰী বিমল বৰাৰ৷ আজি জিলাখনৰ সকলো বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ সতে অনুষ্ঠিত এক পৰ্যালোচনা সভাত এই মন্তব্য আগবঢ়াই মন্ত্ৰী বৰাই কয় যে উৎপাদন আৰু আয়ৰ উৎস বৃদ্ধি আৰু সৃষ্টি কৰিবৰ বাবে বিষয়াসকলে চিন্তা কৰিব লাগিব৷ ৰাজ্যখনৰ জনসাধাৰণৰ মঙ্গল আৰু অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰাৰ হকে কৃষি আৰু জলসিঞ্চন বিভাগে আৰু অধিক সমন্বিত মনোভাবেৰে কাৰ্য ক্ষেত্ৰত আগবাঢ়িব লাগিব৷ বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপায়ুক্তই প্ৰথমে জিলাখনৰ ভিন্ন দিশৰ সামগ্ৰিক খতিয়ান আলোকপাত কৰি আধাৰ কাৰ্ড, প্ৰতিষেধক প্ৰদান, মিছন বসুন্ধৰা, ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোজন, ধান সংগ্ৰহ, আদৰ্শ বিদ্যালয়, সংহত উপায়ুক্ত কাৰ্যালয়, জল জীৱন মিছন, গ্ৰামোন্নয়ণ, জিলা পৰিষদৰ কাৰ্যালয় আদিকে ধৰি অনেক বিষয়ৰ ফলপ্ৰসু কাৰ্য ৰূপায়ণ সদৰি কৰে৷ মন্ত্ৰী বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য, জলসম্পদ, জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, পশুপালন, কৃষি, পৰিবহন, সমাজ কল্যাণ, শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ, উদ্যোগ, লোক নিৰ্মাণ, লোক নিৰ্মাণ গৃহ আদি বিভাগৰ খতিয়ান লৈ সন্তোষ প্ৰকাশ কৰে৷ বৈঠকত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে ভিন্ন বিষয়ত অভিমত আগবঢ়াই কয় যে বিদ্যুৎ বিভাগে শীঘ্ৰে ভৱানীপুৰ আৰু সৰুপেটাত দুটা উপ সংমণ্ডল স্থাপন কৰিব লাগে৷ উল্লেখযোগ্য যে উপায়ুক্তৰ নেতৃত্বত জিলাখনৰ জনসাধাৰণৰ সামগ্ৰিক বিকাশৰ হেতু বিষয়া কৰ্মচাৰী সকলক নিষ্ঠাৰে আৰু অধিক ক্ষীপ্ৰতাৰে সেৱা আগবঢ়াবলৈ মন্ত্ৰী বৰাই আহ্বান জনায়৷ বৰপেটা জিলা উন্নয়ন পৰিষদৰ বিষয়া দিগন্ত দাস, বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা সমন্বিত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল, বিজপিৰ বজালী জিলা সভাপতি আৰু অগপৰ বজালী জিলা সভাপতি সমন্বিতে লোকসকল উপস্থিত থকা সভাখনৰ আৰম্ভণিতে ক’ভিডত (Covid 19) আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছত অসহায় হৈ পৰা মহিলাক কিছু সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা “ক’ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি” শীৰ্ষক আঁচনিৰ অধীনত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৫ গৰাকী মহিলা হিতাধিকাৰীক প্ৰত্যেককে ২.৫ লাখ টকাকৈ আৰ্থিক সহযোগিতাৰ চেক প্ৰদান কৰি তেওলোকক সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে অসম সংগীতেৰে বৈঠক আৰম্ভ হৈ ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সমাপ্তি কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা

You might also like