নিয়মীয়া বাৰ্তা ৩ জুনঃঘিলামৰা নৰ্থ বেঙ্ক কলেজত কোৱাৰেন্টাইনত শিবিৰত থকা অৱস্থাত তৃতীয় জন যুবকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ধৰা পৰা পিছত এই কেন্দ্ৰত এতিয়ালৈকে ক’ভিদ-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা তৃতীয় জনলৈ বৃদ্ধি পোৱাত অঞ্চলটিত চাঞ্চল্য বিৰাজ কৰিছে । আজি বিয়লি প্ৰকাশ পোৱা তথ্য অনুসৰি আক্ৰান্ত যুৱক জনৰ ঘৰ লখিমপুৰ লীলাবাৰী পুতা পুখুৰিৰ সৌৰভ দত্ত (২৫)’বুলি জানিব পৰা গৈছে ।যুৱক জন যোৱা ২৭ মেত এই কেন্দ্ৰত কোৱাৰেন্টাইন হৈ আছিল।যুৱক জন মুম্বাইত কৰ্মৰত হৈ অসমলৈ আহিছিল । আনহাতে এই কোৱাৰেন্টাইন কেন্দ্ৰত অদ্যাপি ৪৭জন বহিঃৰাজ পৰা অহা যুৱক কোৱাৰেন্টাইন হৈ আছে ।
Next Post