নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী আৰক্ষীৰ সাফল্যঃ তিনি গভাইত বাইক চোৰ আটক

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ বিগত কিছুদিন ধৰি বজালীৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা চুৰি কাৰ্যই সৰ্বসাধাৰণ লোকক চিন্তিত কৰি তোলাৰ সময়তে আজি বজালী আৰক্ষীয়ে দুখন চুৰি বাইক উদ্ধাৰ কৰাৰ উপৰি তিনিজনকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে। বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এক অভিযানত জিলাখনৰ দুই নং টংলাৰ পৰা আব্দুল কৰিম (২৩) আৰু মালিপাৰাৰ অভিজিত মালাকৰ (২৩) নামৰ দুজন গভাইত চোৰক আটক কৰাৰ উপৰি তেওঁলোকৰ পৰা এখন চুৰি বাজাজ পালচাৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ দুজনক পাঠশালা আৰক্ষী চকীলৈ আনি সোধ পোচ কৰাৰ পাছতে চোৰ দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত পাঠশালা আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা বিলাসীপাৰাৰ ১৮ বছৰীয়া যুৱক চাদিকুল ইছলামক আটক কৰাৰ লগতে এখন নম্বৰ প্লেটবিহীন নতুন টিভিএচ আপাচি বাইক উদ্ধাৰ কৰে। তিনিও গৰাকী চোৰক কৰায়ত্ত কৰাৰ পিছতে বজালী আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে জিলাখনত সংঘটিত হৈ থকা বিভিন্ন চুৰি কাৰ্যৰ লগত জড়িতসকলক কৰায়ত্ত কৰাৰ বাবে বজালী আৰক্ষী তৎপৰ হৈ আছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ উল্লেখ্য যে বিগত দিন সমূহত বজালী জিলা সদৰ পাঠশালাকে ধৰি ইয়াৰ দাতিকাষৰীয়া ঠাই সমূহত সঘনাই হৈ থকা চুৰিৰ দৰে অসামাজিক কাৰ্যৰ বিষয়ে যোৱা ১২ মাৰ্চত নিয়মীয়া বাৰ্তাত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল৷ ইয়াৰ পিছতে আজি তিনিজনকৈ গভাইত চোৰৰ লগতে দুখনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত বজালী আৰক্ষীক ৰাইজে ধন্যবাদ জনাইছে৷ আৰক্ষীক আৰু অধিক সক্ৰিয়তাৰে জিলাখনত সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপসমূহ ৰোধ কৰাৰ লগতে এনেকুৱা কাৰ্যকলাপত জড়িতসকলক উপযুক্ত শাস্তি প্ৰদান কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনায়৷
প্ৰেৰক কল্যাণ কলিতা

You might also like