নিয়মীয়া বাৰ্তা, ২৩ জুনঃ বিগত এসপ্তাহ ধৰি বি এইচ বি মহাবিদ্যালয়ত অনুস্থিত Combined Annual training camp 33 ৰ আজি সফল সামৰণি পৰে । উক্ত ট্ৰেইনিং কেম্পৰ সামৰণী অনুষ্ঠান উপলক্ষে বি এইচ বি মহাবিদ্যালয়ৰ ৰজনীকান্ত চৌধুৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সামৰণী অনুষ্ঠানত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলে, দীপক শৰ্মা, উনিল মেইতেই, অমন, কে কে সিং, ৰাতুল ডেকা, এ.এম ডোমিনিক, ইৰফান খান, চন্দ দ্ৰোপাল ভূঞা, ললহাৰ সংগা, মনেন এ ও, ৱাই কে ৰেড্ডী, নমিতা দাস, বিৰিণা গগৈ, মীনাক্ষি দাসকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিক বি এইচ বি মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। আনহাতে, ৪৮ আসাম নেভেল ইউনিট, এন চি চি, গুৱাহাটীৰ তৰফৰ পৰা শিবিৰৰ সমূহ বিষয়ববীয়াক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। তদুপৰি বি এইচ বি মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰক এখন ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু এটা জাপিৰে আদৰণি জনোৱা হয়। আনহাতে, লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলেৰ লগতে বিষয়াসকলক একোখনকৈ ফুলাম গামোচা, একোটাকৈ জাপি আৰু একোটাকৈ স্মাৰক প্ৰদান কৰা হয়। উক্ত সভাখনত আদৰণী ভাষণ প্ৰদান কৰে লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলেই। আনহাতে, কেডেটসকলক শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাসে। তদুপৰি বিধায়ক ফণীধৰ তালুকদাৰেও এন চি চি কেডেটসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । আনহাতে, আজিৰ এই অনুষ্ঠানটিৰ আঁত ধৰে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যাপক ভক্টৰ নমিতা দাস গুৰুঙে আৰু এন চি চিৰ কেডেট ডায়েনা দেৱীয়ে। ইফালে, শ্ৰেষ্ঠ কেডেট হিচাপে নিৰ্বাচিত হৈ হৰি শংকৰ ৰয়ে মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কেডেট কেছ বঁটা দহ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হয় ।
প্ৰেৰক ভূষণ তালুকদাৰ