নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘুনুচা প্ৰাথমিক বিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি

🔹 বিশেষ অন্তৰংগ আলাপত শিক্ষকৰ ৰূপত জিলা আয়ুক্ত দেৱাশিস শৰ্মা

নিয়মীয়া বাৰ্তা,  ৯ জুলাই : “জীৱনত এনে কিছুমান ভাল কাম কৰিবা যিবোৰ অভ্যাস হৈ যায়। ভাল কামবোৰ অভ্যাস হৈ গ’লে জীৱনৰ সফল হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে আৰু তেতিয়া তোমালোক ভাল মানুহ হ’বাই। ভাল কামবোৰ কৰি গৈ থাকিলে জীৱনটো সুন্দৰ নহৈ নোৱাৰে।”- জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান বিশেষ অন্তৰংগ আলাপত আজি অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। তদুপৰি জিলা আয়ুক্তগৰাকীয়ে শিক্ষকৰ দৰেই ছাত্ৰ-ছাত্ৰীসকলক “চ’ আ থট ” কবিতাটি বুজাই দিয়াৰ লগতে কবিতাটিত উল্লেখ থকাৰ দৰে ভাল চিন্তাৰ শইচ ৰোপণ কৰি ভাল কামবোৰ অভ্যাস হিচাপে গঢ়ি তুলি ভাল মানুহ হোৱাৰ লগতে জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। একেদৰে মাতৃভাষাৰ শিপা খামুচি থকাৰ লগতে ইংৰাজী ভাষাক অৱহেলা নকৰি ইংৰাজী শিকিবলৈ জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। আনহাতে, জাগীৰোড মণ্ডল সমল কেন্দ্ৰ আৰু ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত লগতে স্বৰ্গীয় তাৰকচন্দ্ৰ প্ৰাথমিক বিদ্যালয়, আদৰ্শ প্ৰাথমিক বিদ্যালয়, ইন্দিৰা নগৰ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ সামৰণী অনুষ্ঠানটি সঞ্চালনা কৰে জাগীৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেলে। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে তিৱা লোকনৃত্যৰ গুৰু নাদিৰাম দেউৰী, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ দেউৰী, ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলী, আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন বৰঠাকুৰ, স্বৰ্গীয় তাৰকচন্দ্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুব গাংগুলী, ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় দেৱনাথ, শিক্ষয়িত্ৰী পূৰৱী কোঁৱৰ , লেখিকা ৰিভা ভৰালী ডেকা, অভিনেতা অবিনাশ মহন্ত প্ৰমুখ্যে বিদ্যালয় চাৰিখনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকল উপস্থিত থাকে। শিক্ষক ৰাজীৱ চহৰীয়াই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে আবৃত্তি, গীত-নৃত্য পৰিৱেশন কৰাৰ লগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আধাৰত ৰচিত নাট মঞ্চস্থ কৰে। অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমল ব্যক্তিসকলক মানপত্ৰ প্ৰদান কৰা হয়।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like