নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক যোগীঘোপাৰ জোনাকী বিদ্যাপীঠত সম্বৰ্ধনা 

নিয়মীয়া বাৰ্তা, ১২ জুন : বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় জোনাকী বিদ্যাপীঠ আজি এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই সভা ।বিদ্যালয়খনৰ উপসভাপতি নুৰ মফিদুল ওৱাজিদৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ নৈমুদ্দিন আলীয়ে । বিদ্যালয়খনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১০ গৰাকী  ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়খনৰ কতৃপক্ষই ।আনহাতে বিদ্যালয়খনৰ পৰা দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত সম্বৰ্ধনা সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আউৱাল মজিদ, নৃপেন্দ্ৰ সূত্ৰধৰ  কচুদোলা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মোচাব কাক্কা, শিক্ষক আব্দুল বাতেন তালুকদাৰ সাংবাদিক ৰফিকুল ইছলাম,  মনোৱাৰ হুছেইন, খাদেমুল হুছেইন , অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক শ্বেখ আব্দুল হামিদ প্ৰমুখ্যে কেইবাজন লোক উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্য ভাষণ আগবঢ়ায় ।‌উক্ত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক শ্বেখ আব্দুল হামিদে বিদ্যালয়খনৰ পৰা ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা তিনিগৰাকী শিক্ষাৰ্থীক এখনকৈ অভিধানৰে সম্বৰ্ধনা জনায় ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like